ট্ৰাম্পৰ চাপক প্ৰত্যাহ্বান ভাৰতীয় বজাৰৰ, উত্থানৰ চেষ্টা বেঞ্চমাৰ্ক সূচকৰ

দুই বেঞ্চমাৰ্ক সূচকৰ লগতে আজি নিম্নগামী হয় নিফটি বেংক, নিফটি ফিনান্সিয়েল ছার্ভিচেছ, বিএছই বেংকেক্স, নিফটি নেক্সট ফিফটি, নিফটি হাণ্ড্ৰেড, নিফটি মিডকেপ হাণ্ড্ৰেড আৰু বিএছই হাণ্ড্ৰেডৰ দৰে সূচক ।

ট্ৰাম্পৰ চাপক প্ৰত্যাহ্বান ভাৰতীয় বজাৰৰ, উত্থানৰ চেষ্টা বেঞ্চমাৰ্ক সূচকৰ

প্ৰতীকী ছবি

Published: 

09 Apr 2025 17:58 PM

আজি ৯ এপ্রিল, ভাৰতৰ বজাৰত দেখা গ’ল এক অদ্ভূত মিশ্রিত প্রতিক্রিয়া । ১৩৬ পইন্ট নামিল ভাৰতৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স নামিল ৩৭৯ পইন্ট ।

ইয়াৰ উপৰিও আজি নিম্নগামী হয় নিফটি বেংক, নিফটি ফিনান্সিয়েল ছার্ভিচেছ, বিএছই বেংকেক্স, নিফটি নেক্সট ফিফটি, নিফটি হাণ্ড্ৰেড, নিফটি মিডকেপ হাণ্ড্ৰেড আৰু বিএছই হাণ্ড্ৰেডৰ দৰে সূচক ।

আনহাতে নিফটি এফএমচিজি, নিফটি অটোৰ দৰে কেবাটাও খণ্ডৰ সূচক আজি ঊৰ্ধগামী হয় । ইয়াৰ বাহিৰেও ঊৰ্ধগামী হয় নিফটি স্মলকেপ ২৫০, নিফটি মিডকেপ ১৫০ সূচকো ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে বিনানি ইণ্ডাষ্ট্ৰীজে । ইয়াৰ বাহিৰেও আজি বাঢ়িছে ওৱান পইন্ট চ’লিউশ্যন, কিনোট ফিনান্সিয়েল ছার্ভিচেছ, টেছিল কেমিকেলছ এণ্ড হাইড্র’ পাৱাৰ, ডিএছজে কিপ লার্নিঙৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি জি-টেক জাইনক্স এডুকেশ্যন, ব্লু জেট হেল্থকেয়াৰ, হিলটন মেটেল ফ’র্জিং, থেমিছ মেডিকেয়াৰ, ষ্টেণ্ডার্ড গ্লাছ লাইনিং টেকন’লজিৰ শ্বেয়াৰৰ দাম নিম্নগামী হয় ।

বজাৰৰ টুকুৰা খবৰ:
* আজি ত্রৈমাসিক ফলাফল প্রকাশ কৰিছে বিএফ ইউটিলিটিজে
* শ্বেয়াৰে প্রতি ১ টকা ৫২ পইচা লভ্যাংশ দিছে সৰস্বতী শাড়ী ডিপোৱে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে ইন্টাৰগ্ল’ব এভিয়েশ্যন, চম্বল ফার্টিলাইজার্ছ এণ্ড কেমিকেলছ আৰু নাৰায়ণা হৃদায়ালয়াই
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰিছে এলগি ইক্যুইপমেন্টছ, স্নাইডাৰ ইলেকট্রিক ইনফ্রাস্ট্রাকচাৰ, সাই লাইফ ছাইন্সেছ আৰু এনএমডিচিয়ে

৯ এপ্রিলত বজাৰ বন্ধ হোৱাৰ সময়লৈকে পোৱা তথ্য অনুসৰি

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদন: সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey