8th Pay Commission: ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’বনে ? স্পষ্ট কৰি দিলে চৰকাৰে

কোৱা হৈছে যে, চৰকাৰে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নতুন দৰমহা আয়োগ কাৰ্যকৰী কৰি কৰ্মচাৰীক নৱবৰ্ষৰ বৃহৎ উপহাৰ দিব পাৰে। এই প্ৰত্যাশা আৰু জল্পনা-কল্পনাৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে।

8th Pay Commission: ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হবনে ? স্পষ্ট কৰি দিলে চৰকাৰে
Published: 

08 Dec 2025 21:11 PM

সমগ্ৰ দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে বৰ্তমান এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়া হৈছে অষ্টম দৰমহা আয়োগৰ শেহতীয়া আপেডট। কোৱা হৈছে যে, চৰকাৰে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নতুন দৰমহা আয়োগ কাৰ্যকৰী কৰি কৰ্মচাৰীক নৱবৰ্ষৰ বৃহৎ উপহাৰ দিব পাৰে। এই প্ৰত্যাশা আৰু জল্পনা-কল্পনাৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। বিত্ত মন্ত্ৰালয়ৰ এই শেহতীয়া বক্তব্যই ছ’চিয়েল মিডিয়া আৰু কৰ্মচাৰীৰ মাজৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে।

২০২৫ চনৰ ৮ ডিচেম্বৰ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে লিখিত উত্তৰত অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণৰ তাৰিখ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবলৈ চৰকাৰে প্ৰস্তুতি চলাইছে নেকি বুলি সোধাত তেওঁ স্পষ্টভাৱে কয় যে, “কাৰ্যকৰীকৰণৰ তাৰিখ চৰকাৰে নিৰ্ধাৰণ কৰিব, কিন্তু এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই।”

ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এই প্ৰক্ৰিয়াৰ সময়সীমাৰ ওপৰতো আলোকপাত কৰে। তেওঁ বুজাই দিলে যে, ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে আৰু বিত্ত মন্ত্ৰালয়ে ২০২৫ চনৰ ৩ নৱেম্বৰত ইয়াৰ টাৰ্মছ অৱ ৰেফাৰেন্স (ToR) জাৰি কৰিছিল।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আয়োগে নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিবলৈ অধিসূচনাৰ তাৰিখৰ পৰা প্ৰায় ১৮ মাহ সময় লাগিব বুলি আশা কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল আয়োগৰ পৰামৰ্শ লাভ কৰিবলৈ আৰু তাৰ পিছত চৰকাৰে অনুমোদন দিবলৈ সময় লাগিব পাৰে।

অষ্টম দৰমহা আয়োগৰ পৰিসৰ অতি বহল। চৰকাৰে শ্বেয়াৰ কৰা তথ্য অনুসৰি দেশত মুঠ ৫০.১৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰায় ৬৯ লাখ পেঞ্চনাৰ আছে। অৰ্থাৎ ১২.৫ কোটিতকৈ অধিক পৰিয়ালৰ আৰ্থিক অৱস্থা প্ৰত্যক্ষভাৱে আয়োগৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰশীল।

সংসদত এই প্ৰশ্ন উত্থাপন হৈছিল যে, আগন্তুক বাজেটত চৰকাৰে ইয়াৰ বাবে আৰ্থিক ব্যৱস্থা কৰিছে নেকি? চৰকাৰে কয় যে, আয়োগে পৰামৰ্শ দাখিল কৰাৰ পিছত আৰু চৰকাৰে গ্ৰহণ কৰাৰ পিছতহে এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় ধন বাজেটত আবণ্টন দিয়া হ’ব।

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...