8th Pay Commission: কেতিয়াৰ পৰা বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা আৰু কিমান হ’ব লাভ? জানক সকলো…

8th Pay Commission: বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগক লৈ বিভিন্ন চৰ্চা হৈ আছে। ইয়াৰ মাজতে বিভিন্নজনৰ মাজত প্ৰশ্ন আহিছে যে কেতিয়াৰ পৰা ই কাৰ্যকৰী হ'ব? কিমান দৰমহা বৃদ্ধি হ'ব?

8th Pay Commission: কেতিয়াৰ পৰা বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা আৰু কিমান হব লাভ? জানক সকলো...

অষ্টম দৰমহা আয়োগ

Published: 

09 Dec 2025 | 10:54 AM

অষ্টম দৰমহা আয়োগ (8th Pay Commission)ৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰিখ, বকেয়া, দৰমহা বৃদ্ধিৰ বিষয়ে সকলোৰে বিভিন্ন প্ৰশ্ন ঘূৰি ফুৰিছে। বহুতৰ মনত প্ৰশ্ন ২০২৬ চনৰ পৰা বৃদ্ধি পাবনে দৰমহা? কেতিয়া প্ৰকাশ পাব এই প্ৰতিবেদন? চৰকাৰৰ স্থিতি কি? যদি আপোনাৰ নতুন পে কমিছনৰ বিষয়ে কোনো সন্দেহ আছে, তেন্তে এই লেখাই আপোনাক কিছু সহায় কৰিব পাৰে।

প্ৰশ্ন : অষ্টম দৰমহা আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব?

উত্তৰঃ বহুতে ভাবি আছিল যে অষ্টম গৰমহা আয়োগ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব আৰু বকেয়া লাভ কৰিব। কিন্তু চৰকাৰে সংসদত স্পষ্ট কৰি দিছে যে, “কাৰ্যকৰীকৰণৰ তাৰিখ” সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই। বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে, “অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ তাৰিখ চৰকাৰে নিৰ্ধাৰণ কৰিব। অৰ্থাৎ ২০২৬ চনৰ ১ জানুৱাৰীৰ তাৰিখটো এতিয়াও চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা নাই।

প্ৰশ্ন : আয়োগৰ প্ৰতিবেদন কেতিয়া দিব পাৰে?

উত্তৰঃ  চৰকাৰে জনোৱা অনুসৰি আয়োগৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। বিত্ত মন্ত্ৰালয়ে ২০২৫ চনৰ ৩ নৱেম্বৰত আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স (ToR) জাৰি কৰিছিল। নিয়ম অনুসৰি আয়োগে অধিসূচনাৰ তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব পাৰে। ফলস্বৰূপে ২০২৭ চনৰ মাজভাগলৈকে আয়োগৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

প্ৰশ্ন : দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি হ’ব পাৰে?

উত্তৰঃ দৰমহা বৃদ্ধিৰ সমগ্ৰ গণনা “ফিটমেণ্ট ফ্যাক্টৰ”ৰ ওপৰত নিৰ্ভৰশীল। সপ্তম দৰমহা আয়োগত এই কাৰক আছিল ২.৫৭। বিশেষজ্ঞসকলৰ মতে ৮ম দৰমহা আয়োগত ইয়াক ২.৮৬ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰিব পৰা যাব। এনে হলে পুৰণি দৰমহা আৰু পেঞ্চনত প্ৰায় ৩০%ৰ পৰা ৩৪% যথেষ্ট বৃদ্ধি পাব পাৰে।  ইয়াৰ লগতে DA/DR নতুন বেচিক পেত যোগ হব পাৰে।

প্ৰশ্ন : কিমান সংখ্যক লোক উপকৃত হ’ব?

উত্তৰঃ চৰকাৰী তথ্য অনুসৰি দেশত ৫০.১৪ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু প্ৰায় ৬৯ লাখ পেঞ্চনাৰ আছে। অৰ্থাৎ মুঠ ১.১৯ কোটিৰো অধিক ইয়াৰ দ্বাৰা লাভৱান হব। ইফালে ধন সন্দৰ্ভত চৰকাৰে কৈছে যে পুঁজিক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। আয়োগৰ পৰামৰ্শ অনুমোদন লাভ কৰাৰ পাছত চৰকাৰে ধনৰাশি আৱন্টন দিব।

 

 

অন্য খবৰ পঢ়কঃ প্ৰতি গ্ৰামত কিমান কমিল দাম? আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...