পুনৰ নিম্নগামী ভাৰতীয় বজাৰ, ৩৯৯ পইন্ট নামিছে নিফটি নেক্সট ফিফটি সূচক

আজি ভাৰতৰ দুই বেঞ্চমার্ক সূচকৰ লগতে পৰে জাপানী সূচক নিক্কেই আৰু চীনা সূচক হেংছেং । ইয়াৰ বাহিৰেও ৬৬২ পইন্ট নামিছে নিফটি আইটি সূচক । ৩৯৯ পইন্ট নামিছে নিফটি নেক্সট ফিফটি সূচক ।

পুনৰ নিম্নগামী ভাৰতীয় বজাৰ, ৩৯৯ পইন্ট নামিছে নিফটি নেক্সট ফিফটি সূচক

প্ৰতীকী ছবি

Published: 

28 Mar 2025 | 08:06 PM

আজি ২৮ মার্চ, সামান্য নিম্নগামী ভাৰতৰ দুই বেঞ্চমার্ক সূচক নিফটি ফিফটি আৰু ছেনছেক্স । ৭২ পইন্ট নামিছে নিফটি ফিফটি আৰু ১৯১ পইন্ট নামিছে ছেনছেক্স ।

অৱশ্যে আজি ৬৩ পইন্ট বাঢ়িছে ফিন-নিফটি । ৩০ পইন্ট বাঢ়িছে নিফটি মিডকেপ চিলেক্ট । ২১৩ পইন্ট বাঢ়িছে বিএসই বেংকেক্স । ৩১৩ পইন্ট বাঢ়িছে নিফটি এফএমচিজি সূচক ।

আজি ভাৰতৰ দুই বেঞ্চমার্ক সূচকৰ লগতে পৰে জাপানী সূচক নিক্কেই আৰু চীনা সূচক হেংছেং । ইয়াৰ বাহিৰেও ৬৬২ পইন্ট নামিছে নিফটি আইটি সূচক । ৩৯৯ পইন্ট নামিছে নিফটি নেক্সট ফিফটি সূচক ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰে সার্থক মেটেলছ আৰু জেনেৰিক ইঞ্জিনীয়াৰিং । ইয়াৰ বাহিৰেও আজি বাঢ়িছে বিএছই, পঞ্জাব কেমিকেলছ এণ্ড কর্প প্র’টেকশ্যন, পাৱাৰ মেখ প্রজেক্টছৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি নামিল ৰুচি ইনফ্রাষ্ট্ৰাকচাৰ, এজিস ল’জিষ্টিক্স, একেজি এক্সিম, এৰে ড্রাগছ এণ্ড ফার্মাচিউটিকেলছ, গাৰ্ৱাৰ টেকনিকেল ফাইবাৰ্ছৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি শ্বেয়াৰে প্রতি ৯৩ টকা লভ্যাংশ দিয়ে টিভিএছ হোল্ডিংছে
* প্রতি শ্বেয়াৰত ১৭ টকা ৭৫ পইচা লভ্যাংশ দিয়ে কামা হোল্ডিংছে
* শ্বেয়াৰে প্রতি ৫ টকা লভ্যাংশ দিয়ে মেট্রিমনি ডট কমে
* আজি ১:১ অনুপাতত বোনাচ দিয়ে কেবিচি গ্ল’বেলে
* আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে এছবিআই কাৰ্ডছ, শ্ৰী চিমেন্টছ, চম্বল ফাৰ্টিলাইজাৰ্ছ, আভাস ফাইনেন্সাৰ্ছ, জেকে চিমেন্ট আৰু নবীন ফ্ল’ৰিন ইন্টাৰনেশ্যনেল
* আনহাতে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰত উপনীত হেপিয়েষ্ট মাইণ্ডছ, ছোনা বিএলডব্লিউ প্রেছিশ্যন ফ’র্জিংছ, ইণ্ডিয়ান অ’ভাৰছিজ বেংক আৰু টিভিএছ ছাপ্লাই চেইন চ’লিউশ্যন

২৮ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদন- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...