IndusInd Bankত বৃহৎ বিত্তীয় অনিয়ম! হিচাপ নাই ২১০০ কোটি টকাৰ, জমা ধন বিচাৰি গ্ৰাহকৰ হাহাকাৰ

IndusInd Bank:  ২১০০ কোটি টকাৰ বিত্তীয় অনিয়মৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে হ্ৰাস পাইছে বেংকৰ শ্বেয়াৰ । প্ৰায় ২৭ শতাংশ হ্ৰাস পাইছে শ্বেয়াৰৰ মূল্য। আতংকিত হৈ ধন উলিয়াবলৈ বেংকলৈ ঢাপলি মেলিছে গ্ৰাহকেও।

IndusInd Bankত বৃহৎ বিত্তীয় অনিয়ম! হিচাপ নাই ২১০০ কোটি টকাৰ, জমা ধন বিচাৰি গ্ৰাহকৰ হাহাকাৰ

IndusInd Bank

Published: 

14 Mar 2025 12:40 PM

আপুনিও IndusInd Bankৰ এগৰাকী গ্ৰাহক নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ইণ্ডাছইণ্ড বেংক (IndusInd Bank) ৰ গ্ৰাহকসকলৰ সন্মুখত ডাঙৰ বিপদ। চৰ্চালৈ আহিছে বেংকটোত সংঘটিত বৃহৎ বিত্তীয় অনিয়মৰ তথ্য।  হিচাপ মিলা নাই ২১০০ কোটি টকাৰ। তেন্তে ইমান টকা ক’লৈ গ’ল? স্বাভাৱিকতে গ্ৰাহকসকলে তেওঁলোকৰ জমা ধনৰ কি হ’ব সেই লৈ চিন্তিত হৈ পৰে। এতিয়া IndusInd Bankৰ এই তথ্য অধিক চিন্তিত কৰি তুলিছে গ্ৰাহকক।

ইফালে ২১০০ কোটি টকাৰ বিত্তীয় অনিয়মৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে হ্ৰাস পাইছে বেংকৰ শ্বেয়াৰ । প্ৰায় ২৭ শতাংশ হ্ৰাস পাইছে শ্বেয়াৰৰ মূল্য। আতংকিত হৈ ধন উলিয়াবলৈ বেংকলৈ ঢাপলি মেলিছে গ্ৰাহকেও। এই পৰিস্থিতিত ইণ্ডুছইণ্ড বেংকে কয় যে, তেওঁলোকৰ হাতত আৰ্থিক অভাৱ পূৰণ কৰিব পৰাকৈ যথেষ্ট মজুত মূলধন আছে। সেয়েহে গ্ৰাহকসকলে চিন্তা কৰাৰ কোনো কাৰণ নাই।

ইণ্ডাছইণ্ড বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক সুমন্ত কাঠপালিয়াই কয় যে, এই বিত্তীয় বিজুতি যোৱা বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহটো লক্ষ্য কৰা হৈছিল। যোৱা সপ্তাহত বেংকটোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকক এক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল। অৱশ্যে ধনৰ অমিলৰ মুঠ পৰিমাণ অন্য সংস্থাই কৰা হিচাপৰ পিছতহে গ’ম পোৱা যাব। এপ্ৰিলৰ পূৰ্বে এই তথ্য জানিব পৰা নাযাব বুলি কয় বিষয়াগৰাকীয়ে।

তেওঁ কয়, “বেংকসমূহৰ ওচৰত লাভ আৰু এই এককালীন প্ৰভাৱ বহন কৰিব পৰাকৈ পৰ্যাপ্ত মূলধন আছে। ইতিমধ্যে এই বিষয়টো চিনাক্ত কৰিব পাৰিছে বেংকে। এই পৰিস্থিতি চম্ভালিব পৰাকৈ বেংকৰ হাতত যথেষ্ট মূলধন আছে…”। ইফালে বিত্তীয় অনিয়মৰ তথ্য পোহৰলৈ অহাৰ লগে লগে ইণ্ডুছইণ্ড বেংকৰ শ্বেয়াৰ ২৭.১৭ শতাংশ হ্ৰাস পাই ৬৫৫.৯৫ টকা হয়। এই শ্বেয়াৰৰ দাম সোমবাৰে আছিল ৯০০ টকা।

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...