ক্ৰমাগত উত্থানৰ পাছত আজি সামান্য নিম্নগামী শ্বেয়াৰ বজাৰ, চাওক সবিশেষ

নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় ।

ক্ৰমাগত উত্থানৰ পাছত আজি সামান্য নিম্নগামী শ্বেয়াৰ বজাৰ, চাওক সবিশেষ

প্ৰতীকী ছবি

Updated On: 

10 Mar 2025 | 07:16 PM

ক্ৰমাগতভাৱে কেবাদিনো ঊৰ্ধগামী হোৱাৰ পাছত আজি সামান্য নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক । নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় । ২ শতাংশতকৈও অধিক নিম্নগামী হৈছে স্মলকেপ সূচকসমূহ ।

তাৰোপৰি আজি নিম্নগামী হৈছে চীনা সূচক হেংছেং । অৱশ্যে সামান্য ঊৰ্ধগামী হৈছে জাপানী সূচক নিক্কেই ।

আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ ১৭.২৯ শতাংশ বাঢ়িছে বংকা বায়’-লুৰ শ্বেয়াৰৰ দাম । ইয়াৰোপৰি আজি বাঢ়িছে ওৱেলস্পান ইনভেষ্টমেন্ট, বোদাল কেমিকেলছ, আইচ মেক ৰেফ্ৰিজাৰেশ্যন আৰু নীতিৰাজ ইঞ্জিনীয়াৰ্ছৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সৰ্বোচ্চ ১১.০৮ শতাংশ কমিল হিন্দুস্তান মিডিয়া ভেঞ্চাৰ্ছৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও নিওজেন কেমিকেলছ, মইণ্ডটেক, কেপিটেল ট্ৰাষ্ট আৰু এইচপি এডহেছিভৰ শ্বেয়াৰৰ দাম আজি নিম্নগামী হয় ।

বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ৮০ পইচা লভ্যাংশ দিয়ে যশ ইঞ্জিনীয়াৰিঙে
* আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে অবন্তী ফিডছে
* আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰত উপনীত হয়- মান্যবৰ-বেদান্ত ফেশ্যনছ, এমকিওৰ ফাৰ্মাছিউটিকেলছ, আইডিএফছি ফাৰ্ষ্ট বেংক, এষ্ট্ৰাল আৰু ইণ্ডাছইণ্ড বেংকে ।

১০ মাৰ্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া ।

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰিলে সেই শ্বেয়াৰসমূহৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9- অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । বিনিয়োগৰ পূৰ্বে সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...