ক্ৰমাগত উত্থানৰ পাছত আজি সামান্য নিম্নগামী শ্বেয়াৰ বজাৰ, চাওক সবিশেষ

নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় ।

ক্ৰমাগত উত্থানৰ পাছত আজি সামান্য নিম্নগামী শ্বেয়াৰ বজাৰ, চাওক সবিশেষ

প্ৰতীকী ছবি

Updated On: 

10 Mar 2025 19:16 PM

ক্ৰমাগতভাৱে কেবাদিনো ঊৰ্ধগামী হোৱাৰ পাছত আজি সামান্য নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক । নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় । ২ শতাংশতকৈও অধিক নিম্নগামী হৈছে স্মলকেপ সূচকসমূহ ।

তাৰোপৰি আজি নিম্নগামী হৈছে চীনা সূচক হেংছেং । অৱশ্যে সামান্য ঊৰ্ধগামী হৈছে জাপানী সূচক নিক্কেই ।

আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ ১৭.২৯ শতাংশ বাঢ়িছে বংকা বায়’-লুৰ শ্বেয়াৰৰ দাম । ইয়াৰোপৰি আজি বাঢ়িছে ওৱেলস্পান ইনভেষ্টমেন্ট, বোদাল কেমিকেলছ, আইচ মেক ৰেফ্ৰিজাৰেশ্যন আৰু নীতিৰাজ ইঞ্জিনীয়াৰ্ছৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সৰ্বোচ্চ ১১.০৮ শতাংশ কমিল হিন্দুস্তান মিডিয়া ভেঞ্চাৰ্ছৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও নিওজেন কেমিকেলছ, মইণ্ডটেক, কেপিটেল ট্ৰাষ্ট আৰু এইচপি এডহেছিভৰ শ্বেয়াৰৰ দাম আজি নিম্নগামী হয় ।

বজাৰৰ টুকুৰা খবৰ:
* আজি প্ৰতি শ্বেয়াৰত ৮০ পইচা লভ্যাংশ দিয়ে যশ ইঞ্জিনীয়াৰিঙে
* আজি ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে অবন্তী ফিডছে
* আজি ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰত উপনীত হয়- মান্যবৰ-বেদান্ত ফেশ্যনছ, এমকিওৰ ফাৰ্মাছিউটিকেলছ, আইডিএফছি ফাৰ্ষ্ট বেংক, এষ্ট্ৰাল আৰু ইণ্ডাছইণ্ড বেংকে ।

১০ মাৰ্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য এয়া ।

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰিলে সেই শ্বেয়াৰসমূহৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9- অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । বিনিয়োগৰ পূৰ্বে সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...