Budget 2026: অভিলেখ গঢ়াৰ দিশে নিৰ্মলা সীতাৰমণ! জানক বাজেট সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা…
Budget 2026: একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সকলোৰে চকু এই বাজেটত। কিয়নো বাজেটৰ প্ৰভাৱ প্ৰতিগৰাকী ভাৰতীয়ৰ জেপত পৰে।

বাজেট ২০২৬
অহা ১ ফেব্ৰুৱাৰীত একেৰাহে নৱমবাৰৰ বাবে বাজেট (Budget 2026) দাখিল কৰি অভিলেখ গঢ়িব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিশ্বত চলি থকা অনিশ্চিয়তাৰ মাজত এই বাজেটে অৰ্থনীতিক এক নতুন গতি দিব বুলি আশা কৰা হৈছে। এই বাজেট দাখিল কৰাৰ পাছতে সীতাৰমণে প্রাক্তন প্রধানমন্ত্রী মোৰাৰজী দেশাই বিভিন্ন কার্যকালত দাখিল কৰা ১০খন বাজেটৰ অভিলেখৰ কাষ চাপিব। দেশাইয়ে বিত্তমন্ত্ৰী হিচাপে ১৯৫৯-১৯৬৪ চনৰ ভিতৰত মুঠ ৬ খন আৰু ১৯৬৭-১৯৬৯ চনৰ ভিতৰত ৪ খন বাজেট দাখিল কৰিছিল।
প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু প্ৰণৱ মুখাৰ্জীয়ে ক্ৰমে ৯খন আৰু ৮খন বাজেট দাখিল কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত একেৰাহে সৰ্বাধিক বাজেট দাখিল কৰাৰ অভিলেখ গঢ়িব এতিয়া সীতাৰমণে। ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাললৈ অহাৰ পাছত সীতাৰমণক প্ৰথম পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিছিল।
বাজেটৰ কিছুমান জানিবলগীয়া কথা
প্ৰথম বাজেটঃ স্বাধীন ভাৰতৰ প্ৰথমখন সাধাৰণ বাজেট ১৯৪৭ চনৰ ২৬ নৱেম্বৰত দাখিল কৰিছিল দেশৰ প্ৰথম বিত্তমন্ত্ৰী আৰ. শনমুখম চেট্টীয়ে।
সৰ্বাধিক বাজেটঃ এতিয়ালৈকে সৰ্বাধিক বাজেট দাখিল কৰাৰ নাম আছে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ। প্ৰধানমন্ত্ৰী নেহৰু, লাল বাবাদুৰ শাস্ত্ৰীৰ অধীনত তেওঁ ১০ খন বাজেট দাখিল কৰিছিল।
দ্বিতীয় সৰ্বাধিক বাজেটঃ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৯ বাৰ বাজেট দাখিল কৰিছিল। তেওঁ প্ৰথমবাৰ ১৯৯৬ চনৰ ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী এইচ ডি দেৱ গৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ সময়ত বাজেট দাখিল কৰিছিল।
তৃতীয় সৰ্বাধিক বাজেটঃপ্ৰণৱ মুখাৰ্জীয়ে ৮খন বাজেট দাখিল কৰিছিল। ১৯৮২, ১৯৮৩, ১৯৮৪ চনত ৩খন , কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ সময়ত ২০০৯-২০১২ চনৰ মাৰ্চৰ ভিতৰত পাঁচখন বাজেট দাখিল কৰিছিল।
মনমোহন সিংঃ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯১ চনৰ পৰা ১৯৯৫ চনৰ ভিতৰত একেৰাহে পাঁচখন বাজেট দাখিল কৰিছিল সেই সময়ত পি.ভি. নৰসিংহ ৰাওৰ চৰকাৰ আছিল।
আটাইতকৈ দীঘলীয়া বাজেট ভাষণঃ সীতাৰমণৰ হাতত সৰ্বাধিক দীঘলীয়া বাজেট ভাষণৰ অভিলেখ আছে। ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত তেওঁ ২ ঘন্টা ৪০ মিনিট ভাষণ দিছিল।
আটাইতকৈ চুটি বাজেট ভাষণঃ ১৯৭৭ চনৰ হিৰুভাই মুলজিভাই পেটেলে অন্তৱৰ্তীকালীন বাজেট ভাষণ দিছিল। মাত্ৰ ৮০০ শব্দৰ আছিল সেই ভাষণ।
সময়ঃ পূৰ্বতে ফেব্ৰুৱাৰীৰ শেষৰ দিনটোত বিয়লি ৫ বজাত বাজেট দাখিল কৰা হৈছিল। কিন্তু ১৯৯৯ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ তদানীন্তন বিত্তমন্ত্ৰী যশৱন্ত সিনহাই ইয়াৰ সময় পুৱা ১১ বজা কৰে। তেতিয়াৰ পৰা ১১ বজাত দাখিল হয় বাজেট।
তাৰিখঃ পূৰ্বতে ফেব্ৰুৱাৰীৰ শেষত বাজেট দাখিল কৰা হৈছিল। কিন্তু ২০১৭ চনৰ পৰা ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰি অহা হৈছে। যাতে মাৰ্চৰ শেষৰ ফালে সংসদীয় অনুমোদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে আৰু ১ এপ্ৰিলত নতুন বিত্তীয় বৰ্ষৰ লগতে বাজেট কাৰ্যকৰী হয়।
অন্য খবৰ পঢ়কঃ অফিচত চাহ খোৱা এৰি দিলে ১০ বছৰত কিমান টকা জমা হ’ব? জানক…