শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছিংগাপুৰে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিলে জুবিন গাৰ্গৰ টক্সিক’লজি ৰিপৰ্ট, আৰু কি কি তথ্য় লাভ কৰিছে SIT য়ে ?

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু টক্সিক’লজি প্ৰতিবেদন অসম আৰক্ষীলৈ প্ৰেৰণ কৰিছে ছিংগাপুৰে। এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলাই থকা SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তায়ো এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

ছিংগাপুৰে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিলে জুবিন গাৰ্গৰ টক্সিক’লজি ৰিপৰ্ট, আৰু কি কি তথ্য় লাভ কৰিছে SIT য়ে ?
manas-borah
Manas Borah | Published: 01 Nov 2025 15:56 PM

ছিংগাপুৰ কৰ্তৃপক্ষই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু টক্সিক’লজি প্ৰতিবেদন অসম আৰক্ষীলৈ প্ৰেৰণ কৰিছে। এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলাই থকা SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তায়ো এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে যে, গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰিব।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে,”আমাৰ SIT য়ে যেতিয়া ছিংগাপুৰ ভ্ৰমণ কৰিছিল তেতিয়া তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিল। ইয়াৰ পাছত ছিংগাপুৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে মৰণোত্তৰ পৰীক্ষা আৰু টক্সিক’লজি প্ৰতিবেদন আৰু মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (এম এল এ টি)ৰ অধীনত সাগৰৰ সৈতে জড়িত তেওঁলোকৰ গাইডলাইনসমূহ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছে।” যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে মৃত্যু হৈছিল ৫২ বছৰীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ।

ইফালে, মুন্না প্ৰসাদ গুপ্তাই কয় যে, ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষা ফাইনেল ৰিপৰ্ট আৰু টক্সিক’লজি ৰিপৰ্ট লাভ কৰিছোঁ। এই তথ্যই তদন্ত আগুৱাই নিয়াত সহায় কৰিব। লগতে ৩০ দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰা হ’ব বুলিও আশ্বাস দিছে বিষয়াগৰাকীয়ে।

এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ১০ জনীয়া SIT য়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক আটাইকেইজন বৰ্তমান ন্যায়িক জিম্মাত আছে। ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়তাৰে কয় যে, এছ আই টিয়ে নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব।

একে সময়তে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “তেওঁলোকে (SITৰ সদস্যসকলে) ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এছ আই টিয়ে জুবিনৰ ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত একেবাৰে আত্মবিশ্বাসী…যেতিয়া ১৭ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব, তেতিয়া মানুহে তেওঁলোকৰ কামৰ শলাগ ল’ব।” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় য, ৰাজ্য চৰকাৰে গাৰ্গৰ মৃত্যুৰ গোচৰৰ উচিত তদন্তৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ হ’লেও ৰাজ্যৰ অন্যান্য “ইছ্যু”ৰ পৰা মনোযোগ আঁতৰাই নিবলৈ নিদিয়ে।

একে সময়তে কংগ্ৰেছক টাৰ্গেট কৰি শৰ্মাই কয়, “তেওঁলোকে বিচাৰে যে, অসম বাংলাদেশৰ অংশ হওক, সেইবাবেই তেওঁলোকে বাংলাদেশৰ জাতীয় সংগীত গায় আৰু লগতে ইয়াক ন্যায্যতা প্ৰদান কৰিবলৈও চেষ্টা কৰে।” শেহতীয়াকৈ শ্ৰীভূমি জিলাত কংগ্ৰেছ সেৱা দলৰ এখন সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাৰ অভিযোগৰ তদন্ত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছিল চৰকাৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘লাভ জেহাদ’ আৰু বেদখল ৰাজ্যখনৰ বাবে চিন্তাৰ বিষয় আৰু জুবিন গাৰ্গৰ গোচৰৰ তদন্ত লগতে এই বিষয়বোৰ অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।