Zubeen Garg Death Live Updates: আজি প্ৰকৃতিত বিলীন হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গঃ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

ৰাজ্যজুৰি উত্থাপন হোৱা দাবীৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব বুলি ঘোষণা কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ দেহ সোণাপুৰলৈ লৈ যোৱা হ’ব।

Zubeen Garg Death Live Updates: আজি প্ৰকৃতিত বিলীন হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গঃ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

জুবিন গাৰ্গ

Updated On: 

23 Sep 2025 09:14 AM

LIVE NEWS & UPDATES

  • 23 Sep 2025 09:14 AM (IST)

    সৰুসজাইলৈ আগবাঢ়িছে পুষ্পবাহন

    মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পুনৰ সৰুসজাইলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিছে পুষ্প সজ্জিত বাহনে। বাহনৰ চৌদিশে অসংখ্য লোকে সন্মানেৰে আগুৱাই নিছে প্ৰাণৰ শিল্পীগৰাকীক। ‘জয় জুবিন দা’, ‘মায়াবিনী’ৰ ধ্বনিৰে আন্দোলিত হৈ উঠিছে আকাশ বতাহ।

  • 23 Sep 2025 08:58 AM (IST)

    মৰণোত্তৰ পৰীক্ষা সম্পন্ন

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। এতিয়া তেওঁৰ নশ্বৰ দেহ পুনৰ সৰুসজাইলৈ লৈ যোৱা হ’ব। ইয়াৰ পিছত তেওঁৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সোণাপুৰৰ কমাৰকুছিলৈ লৈ যোৱা হ’ব।

  • 23 Sep 2025 08:13 AM (IST)

    উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু

    কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আজি জুবিন গাৰ্গৰ শেষকৃত্য অনুস্থানত উপস্থিত থাকিব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এই বিষয়ে সংবাদ মাধ্যমত আগত প্ৰকাশ কৰিছিল। লগতে মেঘালয় চৰকাৰৰ প্ৰতিনিধিও এই সময়ছোৱাত উপস্থিত থাকিব।

  • 23 Sep 2025 07:08 AM (IST)

    সাজু হৈ উঠিছে কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়া স্থল

    সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে জাতীয় জীৱনৰ এক মহানায়ক হিচাপে পৰিগণিত হৈ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া আজি সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ব। ইতিমধ্যে প্ৰায় সাজু হৈ উঠিছে কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়া স্থলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এই স্থানত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাপনাৰ বুজ লৈছে।

  • 23 Sep 2025 06:39 AM (IST)

    মুখ্যমন্ত্ৰীৰ অন্তিম শ্ৰদ্ধা

    মাজনিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। সামাজিক মাধ্যমত এই সময়ৰ ছবি স্বেয়াৰ কৰি তেওঁ লিখিছে, “আৰু কিছু ঘণ্টাৰ পাছতে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে যাত্ৰা আৰম্ভ হ’ব৷ খন্তেক সময় আগতে এগৰাকী অনুৰাগী হিচাপে সৰুসজাই ষ্টেডিয়ামত সকলোৰে প্ৰিয় শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।”

  • 23 Sep 2025 06:13 AM (IST)

    GMCHত জুবিন গাৰ্গৰ নশ্বৰ দেহ

    ইতিমধ্যে জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছে। কিছু সময়ৰ পিছতে AIIMSৰ চিকিৎসকৰ তত্বাৱধানত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব। মৰণোত্তৰ পৰীক্ষাৰ পিছতে তেওঁক পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব। তাৰ পিছতহে সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া স্থলীলৈ জুবিন গাৰ্গক লৈ যোৱা হ’ব।

প্ৰকৃতিৰ আৰাধক অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি প্ৰকৃতিৰ সৈতে বিলীন হৈ পৰিব। সোণাপুৰৰ কমাৰকুছিত আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব। ইফালে তাৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। ৰাজ্যজুৰি উত্থাপন হোৱা দাবীৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব বুলি ঘোষণা কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ দেহ প্ৰথমে সৰুসজাইলৈ আৰু তাৰ পিছত সোণাপুৰলৈ লৈ যোৱা হ’ব।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!