29 September 2025
TV9 ASSAM
উচ্চ কলেষ্টেৰলে হৃদৰোগ, ষ্ট্ৰোক, উচ্চ ৰক্তচাৰ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে জীৱনশৈলীৰ পৰিৱৰ্তন অতি প্ৰয়োজনীয়।
বিশেষকৈ খাদ্যাভ্যাস, ব্যায়াম, কিছুমান অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। তাৰ ভিতৰত চিগাৰেট আৰু সুৰাও আছে। ধূমপান আৰু সুৰাপানে কলেষ্টেৰলৰ ওপৰত কি প্ৰভাৱ পেলায়? জানক।
কলেষ্টেৰলৰ ওপৰত ধূমপানৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰে। অধ্যয়নত দেখা গৈছে যে, চিগাৰেট খালে ভাল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পায়।
আপোনাৰ উচ্চ কলেষ্টেৰল যদি থাকে, তেন্তে চিগাৰেট বা যিকোনো ধৰণৰ ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰক। ই হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক।
মদ্যপানৰ ক্ষেত্ৰত বিষয়টো অধিক জটিল হৈ পৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে, মধ্যমীয়া মদ্যপানে বেয়া কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে।
মদ্যপানে তেজ পাতল কৰিব পাৰে। অত্যধিক মদ্যপান ট্ৰাইগ্লিচাৰাইড বৃদ্ধিৰ অন্যতম কাৰণ। ই যকৃতৰ ক্ষতি কৰে।
ওজন বৃদ্ধি ফলত উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। উচ্চ কলেষ্টেৰল থাকিলে আটাইতকৈ নিৰাপদ কাম হ'ল ধূমপান আৰু মদ্যপান একেবাৰে বন্ধ কৰা।
পঢ়িবলৈ ক্লিক কৰক