অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অব্যাহত অভিযান, পুনৰ সীমান্তৰে ওভতাই পঠিওৱা হ’ল ১৩ বিদেশীক

শেহতীয়া সময়ছোৱাত সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু অসম আৰক্ষীয়ে বহু অনুপ্ৰৱেশকাৰীক অসমৰ সীমান্তৰে ওভতাই পঠিয়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এই তথ্য প্ৰকাশ কৰি আহিছে।

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অব্যাহত অভিযান, পুনৰ সীমান্তৰে ওভতাই পঠিওৱা হ’ল ১৩ বিদেশীক

মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো

Updated On: 

06 Jan 2026 | 08:53 AM

ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ জোৰদাৰ অভিযান অব্যাহত আছে। শেহতীয়া সময়ছোৱাত সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু অসম আৰক্ষীয়ে বহু অনুপ্ৰৱেশকাৰীক অসমৰ সীমান্তৰে ওভতাই পঠিয়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এই তথ্য প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ পুনৰ ৰাজ্যত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা ১৩গৰাকীকৈ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি সীমান্তৰ সিপাৰলৈ ওভতাই পঠিওৱা হৈছে। শ্রীভূমি জিলাৰ সমীপৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ওভতাই পঠিওৱা হৈছে অনুপ্ৰৱেশকাৰীসকলক।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি ৰাজ্য চৰকাৰৰ দৃঢ় স্থিতি স্পষ্ট কৰি দিছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে অসমৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ আৰু অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব কৰিবলৈ সংকল্পবদ্ধ। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষাত, “আমাৰ প্ৰতিটো কামতে স্পষ্ট বাৰ্তা— অনুপ্ৰৱেশকাৰী হুঁচিয়াৰ!”

অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) সজাগতাৰ ফলতে ধাৰাবাহিকভাৱে অনুপ্ৰৱেশৰ বিৰুদ্ধে এনে সফলতা লাভ কৰা হৈছে। বিগত কেইমাহমানত বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ সুযোগ লৈ বহু লোকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অসমত সোমাবলৈ চেষ্টা কৰিছে। কিন্তু অসম আৰক্ষীৰ চোৰাংচোৱা শাখা আৰু সীমান্ত শাখাৰ তৎপৰতাই এনে প্ৰচেষ্টা বিফল কৰি আহিছে।

কিছুদিন পূৰ্বে অসম ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অনুপ্ৰৱেশ সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিছিল। কেন্দ্ৰই চুবুৰীয়া দেশৰ পৰা প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক অসমৰ লগতে সমগ্ৰ দেশত বিচাৰি উলিয়াব বুলি হুংকাৰ দিছিল অমিত শ্বাহে। তেওঁ লগতে অসমক সম্পূৰ্ণ অনুপ্ৰৱেশমুক্ত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিবলৈ অসমবাসীক আহ্বান জনাইছিল।

ৰাজ্য চৰকাৰে কেৱল সীমান্ততেই নহয়, চহৰ আৰু গ্ৰাম্য অঞ্চলতো বিদেশী চিনাক্তকৰণৰ বাবে বিশেষ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিছে। সন্দেহযুক্ত লোকৰ নথি-পত্ৰ পৰীক্ষা আৰু সন্দেহজনক গতিবিধিৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আগন্তুক দিনবোৰতো সীমান্ত সুৰক্ষা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰাৰ লগতে অনুপ্ৰৱেশকাৰী বিৰোধী এই শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি চৰকাৰে স্পষ্ট কৰি দিছে।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?