বাংলাদেশৰ পৰিস্থিতি চিন্তনীয়, ইয়াৰ প্ৰভাৱ পৰিব পাৰে অসমত, উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

তেওঁ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে যে, অনাগত দিনত অসমত ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে। তেওঁ লগতে দাবী কৰে যে, ৰাজ্যখনত “জেহাদী উপাদান” বহুদিনৰ পৰাই আছে।

বাংলাদেশৰ পৰিস্থিতি চিন্তনীয়, ইয়াৰ প্ৰভাৱ পৰিব পাৰে অসমত, উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Published: 

07 Jan 2026 | 11:01 AM

বাংলাদেশত শেহতীয়াকৈ সংঘটিত হোৱা সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে যে, অনাগত দিনত অসমত ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে। তেওঁ লগতে দাবী কৰে যে, ৰাজ্যখনত “জেহাদী উপাদান” বহুদিনৰ পৰাই আছে আৰু কিছুমানে এতিয়াও শ্লীপাৰ চেল হিচাপে কাম কৰি থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে।

সাংবাদিকৰ আগত মুখ্য়মন্ত্ৰী শৰ্মাই কয়,”বাংলাদেশত যিয়েই নহওক কিয়, আমাৰ বাবে চিন্তাৰ বিষয়। হিন্দুসকলৰ ওপৰত অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। পৰিস্থিতি চিন্তনীয় আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।” মুখ্যমন্ত্ৰীয়ে কয় যে, বাংলাদেশৰ হিন্দু সম্প্ৰদায়ক লক্ষ্য কৰি বিগত কেইসপ্তাহমানৰ পৰা হিংসা তীব্ৰতৰ হৈ পৰিছে, দেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ মাজতে সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰু গোপন হিংসা এক বৃহৎ সংকট হিচাপে প্ৰতিফলিত হৈছে। তেওঁ সতৰ্কতা বৃদ্ধি আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

“সেয়েহে আমি সজাগ হৈ থাকিব লাগিব আৰু পৰিস্থিতি নিৰীক্ষণ কৰিব লাগিব। বাংলাদেশৰ হিন্দু সমাজকো আমি উৎসাহিত কৰিব লাগিব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য যে, ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ হিন্দু জনসংখ্যা প্ৰায় ১ কোটি ৩১৩ লাখ, মুঠ জনসংখ্যাৰ প্ৰায় ৭.৯৫ শতাংশ।

অসমৰ ভিতৰত মৌলবাদী কাৰ্যকলাপৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিগত দশকত নিৰাপত্তা সংস্থাসমূহে উগ্ৰপন্থীৰ উপস্থিতিৰ প্ৰমাণ বাৰে বাৰে বিচাৰি পাইছে। তেওঁ কয়, “অসমত জেহাদী আছে, আৰু আমি বিগত ১০ বছৰত বাৰে বাৰে ইয়াৰ প্ৰমাণ পাইছো। কিছুমান উপাদান এতিয়াও ক’ৰবাত লুকাই আছে, হয়তো তেওঁলোক শ্লীপাৰ চেলৰ অংশ। এই সকলোবোৰ চিন্তাৰ বিষয়।”

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বাংলাদেশৰ মৌলবাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত অসম আৰু ত্ৰিপুৰাত ১১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকে উত্তৰ-পূবক অস্থিৰ কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।

ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
পূৰণ হ'ব সকলো মনৰ ইচ্ছা! এই ৫টা উপায়ে সন্তুষ্ট কৰক হনুমানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?