আটক আলফা (স্বা)ৰ ৭ জন লিংকমেন, উদ্ধাৰ বহু পৰিমাণৰ চিকিৎসা সামগ্ৰী…
শেহতীয়াকৈ পুনৰ গ্ৰেপ্তাৰ হৈছে আলফা(স্বা)ৰ ৭ জনকৈ লিংকমেন। জানিব পৰা মতে, তেওঁলোকৰ পৰা বহু পৰিমাণৰ চিকিৎসা সামগ্ৰী উদ্ধাৰ কৰা হৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

আটক
আলফা (স্বা)ৰ ৭ জন লিংকমেন আটক। ইয়াৰে ৩ জন অসমৰ আৰু বাকী ৪ জন ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে। আটক হোৱা অসমৰ লোককেইজন হ’ল – জিতু মৰাণ, জুলি গগৈ আৰু দিপক গগৈ। ইফালে আটক হৈছে ৪ জন ম্যানমাৰ নাগৰিক। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই। এই লোককেইজন আলফা (স্বা)ৰ সৈতে কেনেকৈ জড়িত সেই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
আটক হোৱা জিতু মৰাণ (৫০)য়ে বৰডুবিৰ বাসিন্দা, জুলি গগৈ (৩৮) য়ে নামপঙত এখন গেলামালৰ দোকান চলাই আহিছে, লগতে আটক হৈছে তেওঁৰ স্বামী দীপক গগৈ (৫২)। দুয়ো পাৰ্বতীপুৰৰ বাসিন্দা।
জানিব পৰা মতে, চাংলাং জিলাৰ নামপংত লক্ষ্য কৰি অভিযান চলাই অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ম্যানমাৰ সীমান্তৰ সমীপত আলফা (স্বা)ৰ লিংকমেনক আটক কৰে। তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ চিকিৎসা আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। সন্দেহ কৰা হৈছে যে, আলফা(স্বা)ৰ কেডাৰ এছ এছ মেজৰ জেনেৰেল অৰুণোদয় দৌহতিয়াই অসমৰ তিনিচুকীয়াৰ যুৱকৰ পৰা এই ঔষধ আৰু অন্যান্য সামগ্ৰীসমূহ নিয়াৰ ব্যৱস্থা কৰিছিল। এই অভিযান অৰুণাচল প্ৰদেশ আৰক্ষী আৰু ভাৰতীয় সেনাই চলাইছিল।
উল্লেখ্য যে, কিছুদিন পূৰ্বে আলফা (স্বা)য়ে কাকপথাৰৰ সেনা ছাউনীক আক্ৰমণ কৰিছিল। ভাৰতীয় সেনাৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে এই কাণ্ড সংঘটিত কৰা বুলি উল্লেখ কৰিছিল আলফা(স্বা)। ইয়াৰ পাছত পুনৰ নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল আলফা (স্বা)ৰ সদস্য। যোৱা কেইটামান দিনৰ পৰা আলফা(স্বা) সক্ৰিয় হৈ পৰা দেখা গৈছে। এনে অৱস্থাত নিৰাপত্তাৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি শেহতীয়াকৈ এই লিংকমেন কেইজনক আটক কৰে।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশই তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছেঃ মুখ্যমন্ত্ৰী