ৰক্ষকৰ ৰূপত ভক্ষক ! এগৰাকী বিশেষভাৱে সক্ষম মহিলাৰ সৈতে দুই আৰক্ষী জোৱানে কৰিলে ভয়ংকৰ কাণ্ড
শ্ৰীভূমি কাৰাগাৰৰ চৌহদত দলবদ্ধ যৌন নিৰ্যাতনৰ এক চাঞ্চল্যকৰ অভিযোগ পোহৰলৈ আহিছে । জেলৰ চৌহদৰ ভিতৰত বিশেষভাৱে সক্ষম মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজন জেলৰ কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে ।

প্ৰতীকী ছবি
এটা লজ্জাজনক ঘটনাই কঁপাইছে বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসম । দুজন আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে উত্থাপিত ভয়ংকৰ অভিযোগে লাজত পেলাইছে অসম আৰক্ষীকো । খাকীত দাগ লগাই দুই কনিষ্টবলে এক নাৰকীয় কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে । এগৰাকী বিশেষভাৱে সক্ষম মহিলাক কোঠালৈ আনি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দুই কনিষ্টবলৰ বিৰুদ্ধে ।
শ্ৰীভূমি কাৰাগাৰৰ চৌহদত দলবদ্ধ যৌন নিৰ্যাতনৰ এক চাঞ্চল্যকৰ অভিযোগ পোহৰলৈ আহিছে । জেলৰ চৌহদৰ ভিতৰত বিশেষভাৱে সক্ষম মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজন জেলৰ কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনা সংঘটিত হোৱাৰ সময়ত ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতা নামৰ অভিযুক্ত দুজন বিৰতি লৈ থকা বুলি জানিব পৰা গৈছে ।
প্ৰাথমিক তথ্য অনুসৰি কনিষ্টবল দুজনে মহিলাগৰাকীক নিশাৰ ভাগত প্ৰলোভন দি জেলৰ নিৰাপদ স্থানলৈ আনি অসৎ কাৰ্য চৰিতাৰ্থ কৰিব খোজে । সেই সময়তে কৰ্তব্যৰত সহযোগী বিষয়াসকলে দুয়োকে আটক কৰাৰ ফলত ৰক্ষা পৰে মহিলাগৰাকী ।
লগে লগে কনিষ্টবল দুজনক জিম্মাত লোৱা হয়, আৰু আনুষ্ঠানিক তদন্ত চলি আছে । কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু গোচৰটো অতি গুৰুত্বসহকাৰে অনুসন্ধান কৰা হৈছে ।
এই কাণ্ডই ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে শ্ৰীভূমিত । বিভিন্নজনে অভিযুক্তসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে । এনে ভয়াৱহ ঘটনা ৰোধ কৰিবলৈ নিৰাপত্তা প্ৰট’কল উন্নত কৰাৰ দাবী জনাইছে সচেতন মহলে । জ্যেষ্ঠ বিষয়াসকলে এই কাৰ্যক গৰিহণা দি অতি শীঘ্ৰেই ন্যায় প্ৰদান কৰা হ’ব বুলি আশ্বাস দিছে ।