বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
আজি বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰথমগৰাকী সাংসদ কবীন্দ্ৰ পুৰকায়স্হ বিয়োগত শোকসভা লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাসকলে।

প্ৰবীন নেতা কবীন্দ্ৰ পুৰকায়স্থক শ্ৰদ্ধাঞ্জলি
ভাৰতীয় জনতা পাৰ্টি (BJP) ৰ প্ৰবীন নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান। বুধবাৰ (৭জানুৱাৰী)য়ে বিয়লি ৫ মান বজাত শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে অসম বিজেপিৰ পিতামহ স্বৰূপ পুৰকায়স্থই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯৫ বছৰ। এই মৃত্যুৰ খবৰে ৰাজনৈতিক মহলত এক শোকৰ সৃষ্টি কৰিছে।
আজি বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰথমগৰাকী সাংসদ কবীন্দ্ৰ পুৰকায়স্হ বিয়োগত শোকসভা লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাসকলে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, সাংসদ বিজুলী কলিতা মেধি,ৰবিন্দ্ৰ ৰাজু,দীজেন্দ্ৰ শৰ্মা ,ৰত্না সিঙৰ লগতে মহানগৰ সমিতিৰ বিষয়ববীয়াসকল।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত থাকি প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কয়, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ বীজ ৰোপণ কৰিছিল। সেয়ে এতিয়া ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টিয়ে বিশাল ৰূপত শাসন কৰিছে। কবীন্দ্ৰ পুৰকায়স্হ নিৰ অহংকাৰ ,নিৰ অভিমানী ব্যক্তিৰ উপৰিও, সদায় হাঁহি থকা এগৰাকী ব্যক্তি আছিল । সেয়ে তেওঁ সকলোৰে প্ৰিয় আছিল।”
লগতে সাংসদগৰাকীয়ে কয় যে, “তেওঁ বিজেপিৰ প্ৰথমজন এম পি আছিল। সেয়ে আমাৰ গৌৰৱৰ কথা। তেওঁৰ মৃত্যুত সকলো মৰ্মাহত। ময়ো তেওঁক ওচৰৰ পৰা পাইছিলো। দুনাই এনেকুৱা মানুহ পোৱাতো কঠিন।”