নিষ্ঠুৰ নিয়তি! এই ব’হাগতে আছিল বিয়া, ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিলে চুমিৰ প্ৰাণ…

ঘটনা অনুসৰি ব’হাগৰ ২৭ তাৰিখে অৰ্থাৎ মে’ মাহৰ ১১ তাৰিখে আছিল চুমি প্ৰধানৰ বিয়া। আজি বান্ধৱীৰ ঘৰত নিশা কটাই গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ অহাৰ কথা ভাবিছিল চুমিয়ে। কিন্তু নিয়তিৰ কি যে লীলা। সংসাৰ গঢ়াৰ সপোন বুকুত বান্ধি জীৱন নাট সামৰিলে চুমিয়ে।

নিষ্ঠুৰ নিয়তি! এই ব’হাগতে আছিল বিয়া, ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিলে চুমিৰ প্ৰাণ...

গহপুৰৰ পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু

Updated On: 

21 Apr 2025 08:40 AM

মৰ্মান্তিক, অসহনীয়! মৃত্যু এক চিৰন্তন সত্য। কেতিয়া, কেনেকৈ কাৰ ভাগ্যত মৃত্যু লিখা আছে কোনেও ক’ব নোৱাৰে। কিন্তু সকলো মৃত্যু জানো গ্ৰহণযোগ্য? মৃত্যু বুলিলেই জানো এৰি দিব পাৰি? সচাঁকৈ কিছুমান মৃত্যুক মানি ল’ব নোৱাৰি। ক’ত যে আশা, কিমান যে সপোন বুকুত বান্ধি মুহূৰ্ততে নোহোৱা হৈ যায় এটি জীৱন। আশা আছিল হাতত লগাব মেহেন্দি, শিৰত ল’ব স্বামীৰ নামৰ সেন্দুৰ। সাজু হৈছিল সকলো। বিয়াঘৰত বিৰাজ কৰিছিল ওখল-মাখল পৰিৱেশে। কিন্তু হঠাৎ সংঘটিত হ’ল এনে ঘটনা।  যিয়ে সকলো নিমিষতে শেষ কৰি পেলালে সকলো। যেন হঠাৎ অহা বৰদৈচিলাজাকে থান-বান কৰি গ’ল সকলো।

ঘটনা অনুসৰি ব’হাগৰ ২৭ তাৰিখে অৰ্থাৎ মে’ মাহৰ ১১ তাৰিখে আছিল গহপুৰ মধ্যচত্ৰঙৰ চুমি প্ৰধানৰ বিয়া। আজি বান্ধৱীৰ ঘৰত নিশা কটাই গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ অহাৰ কথা ভাবিছিল চুমিয়ে। কিন্তু নিয়তিৰ কি যে লীলা। সংসাৰ গঢ়াৰ সপোন বুকুত বান্ধি জীৱন নাট সামৰিলে চুমিয়ে। গহপুৰ বড়িগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় চুমি প্ৰধান নামৰ যুৱতীগৰাকী। অৰুণাচলৰ দিশৰ পৰা অহা এখন ক’লা ৰঙৰ স্কৰপিঅ’ বাহনে পিছফালৰ পৰা মহতিয়াই নিলে চুমি আৰু তেওঁৰ বান্ধৱী টুটুমনি নাথক।

দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা লক্ষীমপুৰ দিশে পলায়ন কৰে স্কৰপিঅ’ বাহনখনে। খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে গহপুৰ আৰক্ষী। প্ৰাপ্ত তথ্য অনুসৰি পুৱাই ঘৰৰপৰা ওলাই অহা চুমি বান্ধৱীগৰাকীৰ ঘৰত নিশা কটাই দিনৰ ভাগত ৰে’লেৰে গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ অহাৰ কথা আছিল। কিন্তু সেই পৰিকল্পনাৰ আধাতে সামৰণি পৰিল।  নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে চুমিৰ প্ৰাণ। ওখল-মাখল পৰিৱেশে বিৰাজ কৰা বিয়াঘৰত এতিয়া আনন্দৰ বিপৰীতে এতিয়া ঘৰখনত কান্দোনৰ ৰোল।

জানিব পৰা মতে নিহত চুমী গহপুৰৰ এখন ফাৰ্মাচীত কৰ্মৰত আছিল। স্কুটিত যাত্ৰা কৰিছিল দুই বান্ধৱীয়ে। কিন্তু বৈবাহিক জীৱন আৰম্ভ কৰাৰ আগতেই পৃথিৱীৰ পৰা মেলানি মাগিলে দুৰ্ভগীয়া চুমিয়ে।। দুৰ্ঘটনাত গুৰুতৰ আহত হৈছে দেওনাবৰীৰ বান্ধৱী টুটুমনি নাথ।  এই দুৰ্ঘটনাই এতিয়া গহপুৰ জুৰি শোকৰ ছাঁ পেলাইছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension