Top9: ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পৰা দেশৰ নতুন মুখ্য ন্যায়াধীশলৈ, দিনটোৰ খবৰ…

Top9: বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ। ৮৯ বছৰ বয়সত মৃত্যু হয় তেওঁৰ। মুম্বাইৰ এখন শ্মশানত ধৰ্মেন্দ্ৰৰ শেষকৃত কৰা হয়। অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া বলীউডত শোকৰ ছাঁ।

Top9: ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পৰা দেশৰ নতুন মুখ্য ন্যায়াধীশলৈ, দিনটোৰ খবৰ...

নতুন মুখ্য ন্যায়াধীশ

Published: 

24 Nov 2025 17:04 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১) আজি লাচিত দিৱস। মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্মজয়ন্তী। বীৰযোদ্ধা লাচিত বৰফুকন নেতৃত্বাধীন সৈন্যবাহিনীয়ে শৰাইঘাটৰ ৰণত মহাপৰাক্ৰমেৰে মোগলক পৰাস্ত কৰি অসমীয়া জাতিসত্তাৰ স্বাভিমান অক্ষত ৰাখিছিল। লাচিত দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাচিত দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। যত বিভিন্নজনে যোদ্ধা গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।

২) গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। খ্ৰীষ্টানবস্তিস্থিত এটা কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। এটা ব্যক্তিগত পোৰ্টেলত সাংবাদিক হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী। ৫ ডিচেম্বৰত আছিল যুৱতীগৰাকীৰ বিয়া। তাৰ মাজতে আজি পুৱা তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

৩)সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে ধেমাজি সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা অসম জাতীয় পৰিষদৰ। নৰেন কুমাৰ পাৱৰ নাম ঘোষণা। সংবাদমেলৰ জৰিয়তে এই ঘোষণা অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ। কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি এই প্ৰাৰ্থিত্ব।

৪)লাচিত দিৱসৰ দিনাই কংগ্ৰেছক কটাক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে, আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিকৰ বিজেপি।মোগলৰ মানসিকতা সম্পূৰ্ণ শেষ নোহোৱালৈকে শৰাইঘাটৰ ৰণ চলিব।কংগ্ৰেছ আৰু মিঞা বেলেগ নহয়। কংগ্ৰেছৰ শেষ ভৰসা মিঞা। তেওঁলোক মিঞাৰ লগত থাকক আমি ৰাইজৰ লগত থাকিম। মোগলকক ভোটাৰ অধিকাৰ দি, ভূমি দি সংস্থাপিত কৰা সকলক হৈছে কংগ্ৰেছ।

৫)নগাঁও ননৈ নৈ-পাম গাঁৱত হাতী-মানুহ সংঘাতৰ ভয়ংকৰ ৰূপ। হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত। প্ৰাত ভ্ৰমণ কৰিবলৈ অহাৰ সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে। নিহত মহিলা গৰাকী ৰিপুমনি দাস আৰু আহতগৰাকী মাধৱী দাস ।কন্দলি চোৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল হাতীৰ জাকটো

৬) বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ। মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ।  জানিব পৰা মতে, আজি পুৱাৰ ভাগত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, ঘৰৰ বাহিৰত এখন এম্বুলেন্সো দেখা গৈছিল। তাৰ পাছতে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ আহে। মুম্বাইৰ ভাইল পাৰ্লে শ্মশানত “হি-মেন” ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে বলীউডৰ বহু বিশিষ্ট তাৰকাৰ।

৭)দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ। ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰেন্যায়াধীশ সূৰ্য কান্তে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰোৱায়। দেওবাৰে সন্ধিয়া ন্যায়াধীশ বি আৰ গাভাইৰ অৱসৰৰ পিছতে ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে সূৰ্য কান্তক। তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত সাতখন দেশৰ মুখ্য ন্যায়াধীশকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

৮)পাকিস্তানৰ অৰ্ধসামৰিক বাহিনী মুখ্য কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণৰ ঘটনা । জানিব পৰা মতে, উত্তৰ-পশ্চিম পাকিস্তানৰ পেছাৱাৰ চহৰৰ অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত একাংশ বন্দুকধাৰীয়ে আক্ৰমণ কৰে। তথ্য অনুসৰি, এই অঞ্চলটোতে আছে ফ্ৰন্টিয়াৰ কনষ্টেবুলৰী অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়, য’ত দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণো সংঘটিত হয়। এই ঘটনাত এতিয়ালৈকে ৩জন আক্ৰমণকাৰী নিহত আৰু ৩ জন জোৱান শ্বহীদ হয়।

৯)দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰি দেওবাৰে ভাৰতলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ সৈতে সাক্ষাৎ কৰে, য’ত দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, এআই, মহাকাশ, প্ৰতিৰক্ষা, আৰু নিৰাপত্তাকে ধৰি কেইবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।

 

অন্য খবৰ পঢ়কঃ ৫ ডিচেম্বৰত আছিল বিয়া, গুৱাহাটীৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ…

শীতকালত শৰীৰত তেজৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
এলঝেইমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই ৰোগ কিয় হয় জানেনে?
ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধি হালধি! এনে উপকাৰিতাৰ কথা শুনিলে আচৰিত হ’ব আপুনি
গাখীৰ চাহ খালে বৃক্কত পাথৰ অৰ্থাৎ কিডনী ষ্ট’ন হয় নেকি? চাহৰ নিচা আছে যদি চাওক এতিয়াই
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি?
গৌৰৱ গগৈয়ে পাকিস্তানত চৰকাৰ বনাবঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ
SR সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?