Top9: বিধানসভাৰ শীতকালীন অধিৱেশনৰ পৰা মোদীৰ বৈঠকলৈ, দিনটোৰ খবৰ…
Top9 News: অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা। ইফালে ১ ডিচেম্বৰৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন।

অসম বিধানসভা
আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হল-
১) আজি হাজাৰ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। ৰঙাপৰা সমষ্টিৰ মুঠ ২৪,৮২৭গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। লগতে কয় যে, কৃষি, পশুপালন, হস্ততাঁত- হস্তশিল্প আদি ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে নিজৰ জীৱিকাক মজবুত কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ দিশে আগবাঢ়ি যাওক, আমি সদায়েই আপোনালোকৰ সৈতে থাকিম।
২)ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত ৰদবদল। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন অক্ষত গাৰ্গক, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক ৰূপে ধ্ৰুৱ বৰাক দায়িত্ব অৰ্পন, লগতে গুৱাহাটী পশ্চিম জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন নুমল মহত্তক। ইয়াৰোপৰি এছ বিৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পন অমিতাভ বসুমতাৰীক। SB নিৰাপত্তাৰ আৰক্ষী অধীক্ষক মণ্টু ঠাকুৰীয়াক গুৱাহাটী মহানগৰৰ নিৰাপত্তাৰ আৰক্ষী অধীক্ষকৰ পদত বদলি।
৩)অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন। য’ত উত্থাপন হ’ব কমেও ২৬ খন ন-পুৰণি বিধেয়ক। ইয়াৰে ৫ খন বিধেয়ক সম্পূৰ্ণ নতুন আৰু ২১ খন সংশোধনী বিধায়ক উত্থাপন হোৱাৰ সম্ভাৱনা। ইয়াৰোপৰি কমেও দুখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন উত্থাপনৰ সম্ভাৱনা। এই তথ্য সদৰি কৰে বিধানসভাৰ প্ৰধান সচিব দুলাল পেগুৱে।
৪)আজি আলফা স্বাধীনৰ নেতা অৰুণোদয় দহোটীয়াই অস্ত্ৰ-শস্ত্ৰসহ ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁক দিল্লীলৈ নিয়া নহয়, তিনিচুকীয়াতে ৰখা হ’ব। তিনিচুকীয়াৰ পৰা অনা হ’ব পাৰে গুৱাহাটীলৈ। ইয়াৰোপৰি পৰেশ বৰুৱা অবিহনে আলফা স্বাধীনৰে আলোচনা সম্ভৱ নহয় বুলি কয় শৰ্মাই।
৫) ৰাজ্যত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি। ৭ খন জিলাত বৃদ্ধি পাইছে সংক্ৰমণ। এই সন্দৰ্ভত পশুপালন-পশুচিকিৎসা আৰু মীন মন্ত্ৰী কৃষ্ণেন্দু পালে সংবাদমেল সম্বোধন কৰি জনাই যে,আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণৰ ফলত এই পৰ্যন্ত প্ৰায় ১৭-১৮ কোটি টকাৰ লোকচান হৈছে। ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা গাহৰি পালকসকলক চৰকাৰৰ নিৰিখ অনুসৰি ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
৬)তিনি ৰাজ্যৰ সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰাৰ পূৰ্বে খোৱাই আৰক্ষীৰ জালত পৰিল বাংলাদেশী নাগৰিক। ধৃত বাংলাদেশী নাগৰিকজনৰ পৰা উদ্ধাৰ হোৱা মোবাইল ফোন। শনিবাৰে গ্ৰেপ্তাৰ হোৱা লোকজন বাংলাদেশৰ মঃ সাগৰ ফাৰ্জী বুলি চিনাক্ত হৈছে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
৭) ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ ৰেংকিং ব্যৱস্থাৰ শীৰ্ষত অসম। নতুনকৈ প্ৰৱৰ্তন হোৱা ৩ খন আইন সফল ৰূপায়ণত এই স্থান। ১ জুলাই, ২০২৪ ত দেশত প্ৰৱৰ্তন হৈছিল ভাৰতীয় ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য অধিনিয়ম। সংবাদমেল যোগে এই ঘোষণা কৰে SDGP মুন্ন প্ৰসাদ গুপ্তাই।
৮)১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। ইয়াৰ বাবে ১২খন বিধেয়ক তালিকাভুক্ত কৰিছে চৰকাৰে। ১০ নতুন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা। এই ১০খন নতুন বিধেয়কৰ ভিতৰত ব্যক্তিগত খণ্ডৰ বাবে পাৰমাণৱিক খণ্ড মুকলি কৰা, উচ্চ শিক্ষাৰ সংস্কাৰ, চণ্ডীগড়ৰ প্ৰশাসনক বিধানমণ্ডল নথকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে মিলাৱাৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছে।
৯)জি-২০ সন্মিলনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠক সন্দৰ্ভত মোদীয়ে সামাজিক মাধ্যমত লিখে যে, এই সময়চোৱাত আমি আমি ভাৰত-দক্ষিণ আফ্ৰিকাৰ অংশীদাৰিত্বৰ সকলো দিশৰ ওপৰত আলোচনা কৰো। বিশেষকৈ বাণিজ্য, সংস্কৃতি, বিনিয়োগ, প্ৰযুক্তি, দক্ষতা বিকাশ, এ আই, আৰু জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা হয়।
অন্য খবৰ পঢ়কঃ কি হৈছিল নিশা? পত্নী -সন্তানসহ উদ্ধাৰ একেটা পৰিয়ালৰ ৪টা মৃতদেহ…