Top9: সোণাপুৰত ভয়ংকৰ ঘটনাৰ পৰা বাংলাদেশৰ অভিযোগলৈ, দিনটোৰ খবৰ…

Top9 News: ৰাজ্যৰ পৰা বিশ্বলৈ আজিৰ দিনটোত বিভিন্ন ধৰণ ঘটনা সংঘটিত হয়। আজি সোণাপুৰত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। ইয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Top9: সোণাপুৰত ভয়ংকৰ ঘটনাৰ পৰা বাংলাদেশৰ অভিযোগলৈ, দিনটোৰ খবৰ...

সোণাপুৰ ঘটনাৰ অভিযুক্ত

Published: 

28 Dec 2025 16:59 PM

আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১)আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে নিশা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিমান বন্দৰৰ পৰা আদৰণি জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে দলৰ কৰ্মকৰ্তাই। নিশা কইনাধৰাত কটাই কাইলৈ বিভিন্ন কাৰ্যসূচীত অংশ ল’ব শ্বাহে।

২) বিশ্বনাথৰ বাঘমাৰীত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহত জিলা প্ৰশাসনে ঠাই খালী কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল। কিন্তু পৰিয়াল কেইটা উচ্চ ন্যায়লয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিল। অৱশেষত আজি ৬৮ পৰিয়াল বাদ দি বাকী থকা ৬৬৪ টা ঘৰত প্ৰশাসনে উচ্ছেদ অভিযান চলায়।

৩) অসম বিধানসভা নিৰ্বাচন সমাগত। ইয়াকে লৈ প্ৰতিটো দলৰ চলিছে প্ৰস্তুতি। অগপ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যিক পৰ্যায়তে অগপ-বিজেপিৰ মিত্ৰতা হ’ব। কেন্দ্ৰীয় নেতৃত্বই কেৱল অনুমতি প্ৰদান কৰিব। অমিত শ্বাহৰে কথা পাতিব অগপ নেতৃত্বই। মিত্ৰতাৰ ক্ষেত্ৰত জটলতা নাই বাবে ৰখা হোৱা নাই কোনো আনুষ্ঠানিক আলোচনা।

৪) আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ঘোষণা সাংসদ গৌৰৱ গগৈৰ। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১০০ খনৰ অধিক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাকী কেইখন বিৰোধী দলৰ মাজত আলোচনাৰ দ্বাৰা ভাগ কৰা হ’ব। ইয়াৰোপৰি বিৰোধী ঐক্যৰ মাজত প্ৰাৰ্থিত্ব সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই। পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব বুলি কয় গগৈয়ে।

৫) সোণাপুৰৰ হাতীমূৰাত ভয়ংকৰ ঘটনা। চুৰিৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা। মৃত লোকজন তেজপুৰৰ ফাৰ্জুল আলম বুলি চিনাক্ত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছিপাঝাৰৰ মুস্তাফিজুৰ হক, মায়ং বৰদলনিৰ চিত্ৰ দাস, মাৰ্ঘেৰিটাৰ ৰাম সোণাৰ, শিৱসাগৰ গৌৰীসাগৰৰ সুশীল নাথ, টিহুৰ ষ্টায়জিৎ হালৈ, বাক্সাৰ ৰঞ্জিত ব্ৰহ্ম, মায়ঙৰ মানৱ ৰয়ক আটক কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

৬) প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। আজিৰ পৰা আৰম্ভ মোবাইল ইন্টাৰনেট সেৱা। ৫ দিনৰ অন্তত আৰম্ভ ইন্টাৰনেট সেৱা। উল্লেখ্য যে, খেৰনিৰ হিংসাত্মক পৰিস্থিতিৰ পাছতে বন্ধ কৰি দিছিল ইন্টাৰনেট সেৱা। এতিয়া পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছতে পুনৰ বাহাল কৰা হৈছে সেৱা।

৭)আজি প্ৰচাৰ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ ১২৯ সংখ্যক খণ্ড। এয়া আছিল ২০২৫ চনৰ শেষৰটি খণ্ড। এই সময়চোৱাত তেওঁ ২০২৬ চনৰ প্ৰত্যাহ্বান, সম্ভাৱনা, আৰু উন্নয়নৰ লগতে ২০২৫ চনৰ কৃতিত্বৰ বিষয়ে আলোচনা কৰে।২০২৫ চন ভাৰতৰ বাবে গৌৰৱময় মাইলৰ খুঁটিৰ বছৰ বুলি কয় মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৫ বৰ্ষটিত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ, বিজ্ঞান, মহাকাশৰ পৰা বিশ্ব মঞ্চলৈ সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে।

৮)কৰ্ণাটকৰ কাৰৱাৰ নৌসেনা ঘাটিৰ পৰা ভাৰতৰ ষষ্ঠ আৰু শেষ কালভাৰী শ্ৰেণীৰ চাবমেৰিন আই এন এছ (INS) বাঘশ্বিৰ (এছ ২৬)ত ঐতিহাসিক সাগৰীয় যাত্ৰা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।ইয়াৰ লগে লগে কালভাৰী শ্ৰেণীৰ চাবমেৰিনত যাত্ৰা কৰা প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় মুৰ্মূ। ইয়াৰোপৰি প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পিছত চাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি মুৰ্মূ।

৯)ছাত্ৰ নেতা ওছমান শ্বৰীফ হাদীৰ মৃত্যুৰ ঘটনাই বাংলাদেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। হাদীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ বাংলাদেশত একাংশই তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে বাংলাদেশ আৰক্ষীয়ে অভিযুক্তক লৈ ডাঙৰ ঘোষণা কৰে। আৰক্ষীয়ে কৈছে যে, হাদীৰ হত্যাকাণ্ডৰ দুজন মূল অভিযুক্ত ফৈজাল কৰিম মাছুদ আৰু আলমগীৰ শ্বেখ মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে। বাংলাদেশ আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতৰ বিষয়াৰ সৈতে সম্পৰ্কত আছে বুলি কয়।

 

অন্য খবৰ পঢ়কঃ জাবৰৰ মাজত পৰি আছিল এটা বেগ! উদ্ধাৰ মহিলাৰ মৃতেদহ…

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...