ভাস্কৰ কলিতা হত্যাকাণ্ড, পূব অসমত ধন দাবীৰ কাৰ্যৰ মূল ব্যক্তি ! নিষিদ্ধ আলফা (স্বাধীন)ৰ শীৰ্ষ নেতা ৰূপম অসমক গ্ৰেপ্তাৰ…

নিষিদ্ধ আলফা (স্বাধীন)ৰ এগৰাকী শীৰ্ষ নেতা ৰূপম অসমক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । ইয়াৰ লগতে ৰূপম অসমৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ভাস্কৰ কলিতা হত্যাকাণ্ড, পূব অসমত ধন দাবীৰ কাৰ্যৰ মূল ব্যক্তি ! নিষিদ্ধ আলফা (স্বাধীন)ৰ শীৰ্ষ নেতা ৰূপম অসমক গ্ৰেপ্তাৰ...

আলফাৰ দুৰ্ধৰ্ষ কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ

Updated On: 

24 May 2025 15:39 PM

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ সমীপৰ এখন বনাঞ্চলৰ পৰা নিষিদ্ধ আলফা (স্বাধীন)ৰ এগৰাকী শীৰ্ষ নেতা ৰূপম অসমক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । ইয়াৰ লগতে ৰূপম অসমৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে । কোৱা হৈছে যে, আলফা (স্বাধীন)ৰ অপাৰচেন ক’মাণ্ডাৰ ৰূপমে অসম-অৰুণাচল সীমান্তত আত্মগোপন কৰি ধন দাবীৰ কাৰ্য চলাই আহিছিল ।

উল্লেখ্য যে,২০১৮ চনত বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ গোচৰত এন আই এৰ অভিযোগনামাত নাম আছিল ৰূপম অসমৰ । তদুপৰি নিষিদ্ধ সংগঠনটোৰ ধন দাবীৰ কাম-কাজ চলোৱা বুলিও ৰূপম অসমৰ বিৰুদ্ধে অভিযোগ আছে।

আৰক্ষীৰ এগৰাকী বিষয়াই কয়,”পূব অসমৰ ধন দাবী কাৰ্যৰ মূল ব্যক্তি ৰূপম অসম। আমাৰ হাতত তথ্য আছিল যে, তেওঁ আৰু তেওঁৰ দলটোৱে অসম-অৰুণাচল সীমান্তৰ সমীপৰ এখন জংঘলত আত্মগোপন কৰি আছিল। সেই অনুসৰি শুকুৰবাৰে নিশা অভিযান আৰম্ভ কৰা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়।”

নিষিদ্ধ আলফা (স্বাধীন)ৰ এই গোটৰ আন সদস্যসকলক বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ সীমান্তৱৰ্তী অঞ্চলসমূহত আৰক্ষীয়ে অধিক সক্ৰিয়ভাৱে অভিযান আৰম্ভ কৰিছে বুলিও তেওঁ লগতে কয়।

ইফালে, আন এক সূত্ৰৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৰূপম অসমক তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই চলাইছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ৷

বিৰাট নে গিল, টেষ্ট অধিনায়ক নিৰ্বাচিত হোৱাৰ আগলৈকে কাৰ ৰেকৰ্ড অধিক উন্নত!
শুভমন গিলে লাভ কৰিব ৭ কোটি টকা, টেষ্ট অধিনায়ক হোৱাৰ লগে লগে হ’ল নিশ্চিত!
গা ধোৱাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত টেঙা পানীয় বা খাদ্যই কি কি সমস্যা দূৰ কৰে ? জানক উপকাৰিতাৰ বিষয়ে...