সমাগত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

31  OCT 2025

TV9 ASSAM

ৰাস মহোৎসৱ মূলত এটা ধৰ্মীয় উৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসৰ আখৰা।

ৰাস

এই উৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাসলীলা।

ৰাস

আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। ৫ নৱেম্বৰৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ।

আৰম্ভ

ৰাসোৎসৱ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয়। এই ৰাসোৎসৱ মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমে আৰম্ভ হৈছিল।

ৰাস

বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কিছু স্থানত মূৰ্তি ৰাস অনুষ্ঠিত হয়। এই আধ্যাত্মিক উৎসৱ অন্যবছৰৰ দৰে আকষর্ণীয় কৰি তুলিবৰ বাবে সম্পূর্ণ প্রস্তুতি চলি আছে। 

ৰাস

কি উজনি-কি নামনি, চৌদিশে মাথোঁ আৰম্ভ কৃষ্ণৰ বন্দনা। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে।

ৰাস

উজনি অসমৰ দৰে নামনি অসমতো ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে।

ৰাস

পঢ়িবলৈ ক্লিক কৰক

শ্বাহৰুখ খানে কিয় পত্নী গৌৰীক সন্দেহ কৰে, আঁৰৰ কাৰন কি?