শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিনৰ মৃত্যুৰ গোচৰত ‘ফিটিং চাৰ্জশ্বীট’ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে, কেইবাটাও বিস্ফোৰক অভিযোগ অখিল গগৈৰ

জুবিন গাৰ্গৰ মৃত্যু আৰু তদন্তৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰে যে, চাৰ্জশ্বীট দাখিল কৰাৰ দুই-তিনি দিনৰ পাছতে অভিযুক্তই পাব জামিন। চৰকাৰে ‘ফিটিং চাৰ্জশ্বীট’ দিবৰ বাবে প্ৰস্তুত হৈছে।

জুবিনৰ মৃত্যুৰ গোচৰত ‘ফিটিং চাৰ্জশ্বীট’ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে, কেইবাটাও বিস্ফোৰক অভিযোগ অখিল গগৈৰ
manas-borah
Manas Borah | Updated On: 31 Oct 2025 20:10 PM

“জুবিন দাৰ মৃত্যুৰ তদন্ত আৰু জুবিন দাৰ জীৱনৰ ঘটনা, এই সমগ্ৰ ঘটনাৰ লগত ‘ৰৈ ৰৈ বিনালে’ৰ এটা বিশেষ সম্পৰ্ক আছে।” অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি উপভোগ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এই বিশেষ মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে গগৈয়ে।

তেওঁ কয়, “অসমৰ প্ৰত্যেকজন মানুহৰ বাবে ‘ৰৈ ৰৈ বিনালে’ চোৱাটো এটা আৱেগ। মই সকলোকে ‘ৰৈ ৰৈ বিনালে’ চাবলৈ অনুৰোধ জনোৱাই নহয়, জুবিন দাৰ ন্যায়ৰ বাবেও ৰৈ ৰৈ বিনালে চোৱাৰ পাছত সকলোকে সংঘবদ্ধ কৰিব।” লগতে ৰৈ ৰৈ বিনালে ছবিখনে প্ৰত্যকজন মানুহত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিবলৈ সাহস দিব বুলিও আশা প্ৰকাশ কৰে অখিল গগৈয়ে।

অনুৰাগীয়ে দাবী কৰি অহা জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ সন্দৰ্ভত বিধায়ক গগৈয়ে কয়, “চৰকাৰে জুবিনৰ ন্যায় দিব বুলি ঘোষণা কৰি আছে, এমাহৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বীট দিব। কিন্তু এটা কথা বুজা নাই যে, কেনেকৈ এমাহৰ ভিতৰত চাৰ্জশ্বীট দিব?”

তেওঁ কয় যে, এতিয়ালৈকে SIT য়ে মাত্ৰ এবাৰ ছিংগাপুৰলৈ গৈছিল আৰু তেওঁলোকক ছিংগাপুৰৰ চৰকাৰে ঘূৰাই পঠিয়াইছে। গগৈয়ে অভিযোগ কৰে, “SITৰ দলটো ছিংগাপুৰ কৰ্তৃপক্ষৰ কোনো প্ৰমাণ, নথি, বিবৃতি অবিহনে উভতি আহিছিল। এইটো দেখা গৈছে যে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফলাফলৰ পৰিকল্পনা কৰিছে। গতিকে এটা স্পষ্ট যে, চৰকাৰে ‘ফিটিং চাৰ্জশ্বীট’ দিবৰ বাবে সকলো ঠিক কৰিব থৈছে ।”

“মই নিশ্চিত যে, যিখন চাৰ্জশ্বীট দিব, সেই চাৰ্জশ্বীটখনে কেতিয়াও অপৰাধীৰ BNSS ৰ ১০৩ অধীনত মৃত্যুদণ্ড নহয় আৰু ১০৫ অধীনত যাৱজীৱন কাৰাদণ্ড নহয়।” লগতে বৰ্তমানে চলি থকা তদন্ত কেৱল আন দেখুৱাবলৈ কৰা নাটক বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।

অখিল গগৈয়ে কয় যে, বিএনএছএছৰ ১১২ নং ধাৰাত তদন্তকাৰীসকলে প্ৰমাণৰ বাবে বিদেশী কৰ্তৃপক্ষৰ কাষ চাপিবলৈ আদালতৰ পৰা “অনুৰোধ পত্ৰ” বিচাৰিবলৈ আইনগতভাৱে বাধ্য আৰু ২০৮ নং ধাৰাত পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল’ব লাগিব। কিন্তু এই প্ৰক্ৰিয়া অনুসৰণ কৰা নাই বুলি অভিযোগ কৰে অখিল গগৈয়ে।

আনহাতে, চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে অভিযুক্তই জামিন পাব পাৰে বুলি কয় গগৈয়ে। তেওঁ লগতে অভিযোগ কৰে যে, অন্যান্য গোচৰত অভিযুক্তসকলক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈকে জেলত ৰখাৰ পৰিকল্পনা কৰিব পাৰে চৰকাৰে।

ব্যক্তিগতভাৱে চিআইডিৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰা বুলি উল্লেখ কৰি গগৈয়ে কয়,”মই চিআইডিৰ বিশেষ ডিজিপিৰে কথা পতাৰ বাবে প্ৰস্তাৱ দিছিলোঁ যদিও আজিলৈকে কোনো সঁহাৰি পোৱা নাই।” জুবিন গাৰ্গৰ উচিত তদন্তৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে।