শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ SITৰ চাৰ্জশ্বীটৰ বিষয়েও ক’লে এইদৰে

পুৱাৰে পৰা ৰাজ্যৰ সকলো প্ৰান্ততে হিয়াৰ আমঠুগৰাকীৰ প্ৰতি থকা শ্ৰদ্ধা-সন্মান তথা মৰমৰ চিনস্বৰূপে ছবিগৃহত ভিৰ কৰে ৰাজ্যবাসীয়ে। ইফালে এই দিনটোতে জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ কৰিছে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য।

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ SITৰ চাৰ্জশ্বীটৰ বিষয়েও ক’লে এইদৰে
জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 31 Oct 2025 20:23 PM

আজি শুভমুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত অসমীয়া ছবি ৰৈ ৰৈ বিনালে প্ৰাণৰ শিল্পী জবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালেৰ বাবে আজি ৰাজ্যজুৰি দেখা এক অভূতপূৰ্ব দৃশ্য পুৱাৰে পৰা ৰাজ্যৰ সকলো প্ৰান্ততে হিয়াৰ আমঠুগৰাকীৰ প্ৰতি থকা শ্ৰদ্ধাসন্মান তথা মৰমৰ চিনস্বৰূপে ছবিগৃহত ভিৰ কৰে ৰাজ্যবাসীয়ে ইফালে এই দিনটোতে জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ কৰিছে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য

এফালে ৰৈ ৰৈ বিনালেৰ প্ৰতি ৰাজ্যবাসীৰ অফুৰন্ত সঁহাৰিৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীও উত্থাপন হৈছে চৌদিশে জুবিন গাৰ্গৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বান্ধি দিছে সময়সীমা সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট ঘোষণা, অহা ১৫ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গে ন্যায় লাভ কৰিব।

ইফালে যিসকল লোকে বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰিব বুলি ভাবিছে, সেইসকল পুনৰবাৰ মিছা প্ৰমাণিত হ’ব বুলিও হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তদন্ত কৰি থকা SIT- দাখিল কৰিবলগা চাৰ্জশ্বীট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে অহা ১৭ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰিবলৈ তেওঁ SIT নিৰ্দেশ দিছে। সেই অনুসৰি অহা ১৭ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT আদালতত চাৰ্জশ্বীট দাখিল কৰিব। লক্ষণীয়ভাৱে ছিংগাপুৰত অকালভাৱে মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গ প্ৰকৃততে হত্যাৰ বলি হোৱা বুলি পুনৰ দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়, “মই হত্যাকাণ্ড বুলি কৈছিলো, সেয়াই হ’ব। সেইদিনা জোকৰ মুখত চূণ পৰিব।তেওঁৰ এই ভাষ্যৰ পিছত হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু অধিক ৰহস্যঘন হৈ পৰিছে এতিয়া এয়া জানিবলৈ SIT- চাৰ্জশ্বীটলৈ অপেক্ষা কৰিব লাগিব ৰাজ্যবাসীয়ে

জুবিন গাৰ্গ গোচৰত তদন্তৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ তথ্যও দাঙি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ জানিবলৈ দিয়া মতে ছিংগাপুৰ চৰকাৰে আজি অসম চৰকাৰক জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন অৰ্পণ কৰিছে। এই ৰিপৰ্টৰ জৰিয়তে অসম আৰক্ষীয়ে তদন্ত আগবঢ়োৱাত সুবিধা হ’ব বুলিও তেওঁ কয়।

তেওঁ লগতে জুবিন গাৰ্গক একাংশই ন্যায় দিবলৈ চেষ্টা কৰি আছে যদিও আন একাংশই ন্যায় নোপোৱাৰ আকাংক্ষা কৰি আছে বুলিও মন্তব্য কৰে। কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অসম চৰকাৰ বহু ছিৰিয়াছ বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।