Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ খবৰ

Updated On: 

11 May 2025 07:38 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • আজি ভাগ্য নিৰ্ণয় হ’ব নিৰ্বাচনৰ প্ৰাৰ্থীসকলক। যুদ্ধকালীন পৰিৱেশৰ মাজতেই ৰাজ্যৰ ৩৯টাকৈ স্থানত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। ইয়াৰ লগে লগে আজিৰ দিনটোতে নিৰ্ণয় হ’ব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অৰ্ধ লক্ষাধিক প্ৰাৰ্থীৰ ভাগ্য।
  • আজি মাতৃ দিৱস, ‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস।
  • পুনৰ ‘হিট এণ্ড ৰাণ’ৰ ঘটনা। গুৱাহাটীৰ লালমাটিত বাহনৰ খুন্দাত নিহত এজন পথচাৰী।
  • কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰি ড° ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তত অনুমোদন জনাই অসম কেবিনেটে ।
  • অসম চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনি, ২০২৫ ৰূপায়ণতো অনুমোদন জনাইছে অসম কেবিনেটে । এই আঁচনিৰ অধীনত ৰাজ্যৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ৰায় সাত লাখ শ্ৰমিকক ৫ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
  • বিগত তিনিদিন ধৰি অবিৰত সংঘাতৰ অন্তত শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। কিন্তু ইয়াৰ পাছতো যুদ্ধবিৰতি উলংঘন কৰি পাকিস্তানে সীমান্তৰ বহু স্থানত গুলীচালনা কৰিছে। পাকিস্তানৰ এনে কাৰ্যক তীব্ৰ নিন্দা কৰিছে ভাৰতে।
  • বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণত বিচাৰ সমাপ্ত নোহোৱালৈকে আৱামী লীগৰ সকলো কাৰ্যকলাপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শনিবাৰে নিশা অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যনিৰ্বাহক পৰিষদৰ বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
  • ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা। চিকিৎসালয় আৰু স্বাস্থ্য প্রতিষ্ঠানসমূহ স্বেচ্ছাসেৱী ৰক্তদাতাসকল বিশেষকৈ বিৰল ব্লাড গ্ৰুপৰ লোকসকলৰ এক আপডেটেড ৰেজিষ্ট্ৰী মজুত আৰু জিলা প্রশাসন আৰু বিভাগৰ মুৰব্বীসকলে সকলো কৰ্মচাৰীৰ শেহতীয়া যোগাযোগ সবিশেষ (ম’বাইল নম্বৰ, ইমেইল আৰু ঠিকনা) মজুত ৰাখিবলৈ।
  • সাংসদ গৌৰৱ গগৈকলৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে ক’লে, এজনেই পাকিস্তানপ্ৰেমী মানুহ বাচি আছে, গৌৰৱ গগৈক বাদ দি সকলো পাকিস্তানপ্ৰেমীক গ্ৰেপ্তাৰ কৰা হৈছে।
Related Stories
গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড ! এটি ১০ পুত্ৰ সন্তানক হত্যা কৰি ছুটকেছত ভৰাই পেলাই দিলে মাতৃৰ প্ৰেমিকে…
Assam Panchayat Election 2025 Result Day: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি, কোনে মাৰিব শেষ হাঁহি?
Assam Panchayat Election Results 2025: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, বেলট পেপাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য
ড° ভূপেন হাজৰিকা বিমানবন্দৰৰ পৰা চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনিলৈকে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ জানক…
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে জাননী…
৪ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, মহানগৰীৰ বাজপেয়ী ভৱনত বৰ্ষপূৰ্তি অনুষ্ঠান
কেঁচা গাখীৰ খোৱা উচিত হয় নে? বিশেষজ্ঞসকলে কি কয় জানো আহক
সোমবাৰে কৰক এই ৫টা সহজ কাম, ভগৱান শিৱ সন্তুষ্ট হ'ব আপোনাৰ পূজাত!
আই পি এল স্থগিত নৰখা হ’লেই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন আৰ চি বি!
গ্ৰীষ্মকালত এই খাদ্যবোৰে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে...