ভাৰত-পাকিস্তান, আমেৰিকা-চীন… পঢ়ক ৯টা গুৰুত্বপূৰ্ণ খবৰ…
খুলি দিয়া হ’ল দেশৰ ৩২টা বিমানবন্দৰ। এয়াৰপ’ৰ্টছ অথৰিটী অৱ ইণ্ডিয়া (AAI) আৰু সংশ্লিষ্ট বিমান চলাচল কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে।

Election
আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-
১) ৰাজ্যত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। ১১ মে‘, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনা আজি পৰ্যন্ত চলি আছে । ১২ মে’ত ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত ভোটগণনা হৈছে। ইতিমধ্যে অধিকাংশ আসনত বিজেপি মিত্ৰজোটে জয়লাভ কৰিছে। উল্লেখ্য যে, যোৱা ২ আৰু ৭ মে‘ত দুটা পৰ্যায়ৰ অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া।
২) পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অভিযোগ অনুসৰি, মৃণ্ময় বৰ্মন নামৰ ১০ বছৰীয়া শিশুটিক মাতৃৰ নিৰ্দেশতেই হত্যা কৰিছিল প্ৰেমিক জিতুমণিয়ে। আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অভিযুক্তই। উল্লেখ্য যে, দেওবাৰে গুৱাহাটীত ট্ৰলীৰ ভিতৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।
৩) পাকিস্তানত সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হৈছে ৫৩ ৰো অধিক। সামাজিক মাধ্যম যোগে এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি পাকিস্তান সমৰ্থন কৰি বিভিন্নজনে সামাজিক মাধ্যমত পোষ্ট কৰি আহিছে। এনে ৫৩জন বিশ্বাসঘাতকক জেললৈ প্ৰেৰণ কৰিছে অসম আৰক্ষীয়ে
৪) টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে কিং কোহলীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অৱসৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে। ১৪ বছৰ ধৰি টেষ্ট ক্ৰিকেট খেলি অহা কোহলীয়ে বিগত সপ্তাহত অৱসৰ গ্ৰহণ কৰাৰ ইংগিত দিছিল। অৱশেষত আজি এই সিদ্ধান্ত চূড়ান্ত কৰিলে।
৫) পাকিস্তানক ধ্বংস কৰাৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। তেওঁলোকে কয় যে, যদি বিএলএ ভাৰতৰ পৰা ৰাজনৈতিক, কূটনৈতিক আৰু প্ৰতিৰক্ষামূলক সমৰ্থন পায় তেন্তে সন্ত্ৰাসবাদৰ মালিক পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।
৬)দেওবাৰে পুৱতি নিশা ২:৪১ বজাত (ভাৰতীয় সময় অনুসৰি) প্ৰবল ভূমিকম্পই জোঁকাৰি যায় তিব্বত। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এনচিএছ)ৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ । এনচিএছৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তিব্বত অঞ্চলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত। অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ প্ৰাণ বা সম্পত্তিৰ ক্ষয়–ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই।
৭)খুলি দিয়া হ’ল দেশৰ ৩২টা বিমানবন্দৰ। এয়াৰপ’ৰ্টছ অথৰিটী অৱ ইণ্ডিয়া (AAI) আৰু সংশ্লিষ্ট বিমান চলাচল কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে, ভাৰত–পাকিস্তানৰ উত্তেজনাৰ মাজতে অসামৰিক বিমানৰ বাবে ৩২টা উত্তৰ আৰু পশ্চিম বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছিল।
৮) সোমবাৰে সংবাদ মেল সম্বোধন কৰি ভাৰতীয় সেনাই কয় যে,আমি চীনে নিৰ্মিত পি এল ১৫ মিছাইল ধ্বংস কৰিছো। আমাৰ যুঁজ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছিল। আমাৰ এয়াৰ ডিফেন্স চিষ্টেম দেশৰ বাবে দেৱালৰ দৰে থিয় হৈ আছিল আৰু কোনো শত্ৰুৰ বাবে ইয়াত প্ৰৱেশ কৰাটো অসম্ভৱ আছিল।
৯) বিশ্বৰ দুই বৃহৎ অৰ্থনীতি আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধ এতিয়া যেন শান্ত হৈছে। শুল্কক লৈ দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি জাৰি কৰা হৈছে। দুয়োখন দেশে ইজনে সিজনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৯০ দিনৰ বাবে শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছে।
অন্য খবৰ পঢ়কঃ Virat kohli etirement : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ বিৰাট কোহলীৰ, আধৰুৱা হৈ ৰ’ল সপোন…