পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
প্ৰতিটো দিনে ৰাজ্যৰ পৰা আৰম্ভ হৈ বিশ্বলৈ, বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

বাতৰি
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ বনৰীয়া হাতী হত্যাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ । চিৰাং জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন লোক হৈছে জাবিদ বৰগৈয়াৰী, মহেশ ইছলাৰী আৰু জাৰণ বসুমতাৰী।তেওঁলোকৰ পৰা আৰক্ষীয়ে বন্দুক, কাৰ্টিজ, ৱাকি টকি চেট আৰু বিভিন্ন সামগ্ৰী লাভ কৰে। দুটা হাতী দাঁত লাভ কৰাৰ খবৰো পোৱা গৈছে।
- ৰাজ্যৰ ৯ গৰাকী অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে। শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত এইসকল শিক্ষক-শিক্ষয়িত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে তেওঁলোকক নিলম্বন কৰে।
- মৰিগাঁৱৰ কৰ পৰিদৰ্শক বেদব্ৰত শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান। সোমবাৰে পুৱাৰ পৰা যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ ৫ নং বাইলেনত থকা বাসগৃহত চলা অভিযানত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে বহু তথ্য লাভ কৰিছে।
- ৭ মে’ বুধবাৰে একাধিক ৰাজ্যত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল। দেশৰ ২৪৪ খন জিলাত হব মকড্ৰিল। এই সময়চোৱাত ব্লেকআউট চাইৰেন, অসামৰিক প্ৰশিক্ষণ, ছদ্মবেশ আৰু খালী কৰাৰ দৰে অনুশীলন অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে যুদ্ধসদৃশ পৰিস্থিতিত নাগৰিকৰ প্ৰস্তুতি পৰীক্ষা কৰা।
- বিহাৰৰ কাটিহাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। য’ত ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ২ জন আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, স্কোৰপিঅ এখনৰ ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয় কাৰ্যকালৰ প্ৰথম বাজেটত নেশ্যনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ কথা উল্লেখ কৰে। এই সংস্থাটোৱে প্ৰতি বছৰে সমগ্ৰ দেশৰ শিল্পী আৰু প্ৰতিষ্ঠানসমূহক লাখ লাখ টকা আগবঢ়ায়।
- একেৰাহে ১২ দিনৰ বাবে পাকিস্তানে ভংগ কৰিছে যুদ্ধ বিৰতি চুক্তি। LOC ৰ প্ৰায় ৮ টা স্থানত পাকিস্তানী সেনাই কৰিছে গুলীচালনা। ভাৰতীয় সেনাই দিছে ইয়াৰ প্ৰত্যুত্তৰ।
- ফ্ৰান্সৰ বিমান সংস্থা এয়াৰ ফ্ৰান্স আৰু জাৰ্মান বিমান সংস্থা লুফথানছাই পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে উৰাজাহাজ চলাবলৈ অস্বীকাৰ কৰি সকলো বিমান সেৱা বন্ধ কৰি দিছে।
অন্য খবৰ পঢ়কঃ ২৬ বছৰ পূৰ্বে ভাৰতে কৰি দিছিল মুকলি, পহলগাম কাণ্ডত নাম সাঙোৰ খোৱা সন্ত্ৰাসবাদী মুস্তাক আহমেদ কোন? জানক সকলো…