Morning Headline: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

অসমৰ পৰা বিশ্বলৈ, আমাৰ সকলোৰে বাবে কিছুমান খবৰ গুৰুত্বপূৰ্ণ। কিন্তু ব্যস্ত সময়ৰ বাবে প্ৰতিটো খবৰ পঢ়া বা চোৱা সহজ নহয়। সেইবাবে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল-

Morning Headline: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

বাতৰি

Published: 

18 Apr 2025 07:52 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি নাঙলৰ বিহু। ৰঙালী বিহুৰ পঞ্চম দিনা অৰ্থাত বহাগৰ ৪ তাৰিখত নাঙলৰ বিহু পালন কৰা হয়। বিশেষকৈ খেতিয়কসকলে এই বিহু পালন কৰে। এই দিনটো কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰা হয়।
  2. লতাশিল বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা৷ বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল মৰাণৰ লিজামণি শেনচোৱাৰ৷
  3. মেট্ৰিকত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ। শিক্ষা ব’ৰ্ডে ঘোষণা কৰে যে চলিত শিক্ষাবৰ্ষত অনুষ্ঠিত হ’ব কম্পাৰ্টমেন্টেল পৰীক্ষা। সৰ্বাধিক ৩ টা বিষয়ত দিব পাৰিব পৰীক্ষা।
  4. বৃদ্ধি পাব অংগনবাড়ী কৰ্মী-সহায়িকাৰ দৰমহা। কাৰ্বি আংলঙত জনসভা সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব দৰমহা।
  5. বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ৱাকফ আইন সন্দৰ্ভত এক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত ৱাকফ ব’ৰ্ড আৰু সম্পত্তিত যথাৰ্থ অৱস্থা থাকিব। ইয়াৰোপৰি আদালতক উত্তৰ দিবলৈ কেন্দ্ৰক ৭ দিনৰ সময় দিয়ে ন্যায়ালয়ে। ৫ মে’ত হ’ব পৰৱৰ্তী শুনানি।
  6. বিশ্বৰ প্ৰভাৱশালী ১০০ ব্যক্তিৰ তালিকাত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নাম। টাইম মেগাজিনে প্ৰকাশ কৰা এই তালিকাত স্থান নাপালে কোনো ভাৰতীয়ই।
  7. ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ এটা কেম্পাছত সংঘটিত গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। এই গুলীচালনাত ২ জন লোকৰ মৃত্যু হৈছে আৰু ৫ জন গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান তেওঁলোকেৰ চিকিৎসা চলি আছে।

 

অন্য খবৰ পঢ়কঃ কেতিয়া বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

Related Stories
Assam Panchayat Election 2025 Result Day: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি, কোনে মাৰিব শেষ হাঁহি?
Assam Panchayat Election Results 2025: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, বেলট পেপাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য
Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ড° ভূপেন হাজৰিকা বিমানবন্দৰৰ পৰা চাহ শ্ৰমিকৰ আৰ্থিক সহায়তা আঁচনিলৈকে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ জানক…
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে জাননী…
৪ বছৰ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, মহানগৰীৰ বাজপেয়ী ভৱনত বৰ্ষপূৰ্তি অনুষ্ঠান
আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে
হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে অৰ্পন কৰক এই বস্তু!দূৰ হ'ব সকলো সমস্যা | 0ffer tulsi to Lord Hanuman astrology can tulsi leaves be offered to Bajrangbali
আপোনাৰো ছানবাৰ্ণ হয় নেকি? জানক ইয়াৰ কাৰণ আৰু ৰক্ষা পোৱাৰ উপায় | Why sunburn happen and its preventions know in Assamese