ফেটি লিভাৰত কেনেধৰণৰ খাদ্য খাব ?

11 May 2025

TV9 ASSAM

Photos Credit: Getty Images

ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ফলত লিভাৰৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । যদি ফেটি লিভাৰ হয় তেন্তে কি কি খাদ্য খাব ?

ভুল খাদ্যাভ্যাস 

ফেটি লিভাৰৰ ক্ষেত্ৰত কেলচিয়াম আৰু ভিটামিন ডি অতি প্ৰয়োজন । ইয়াৰ বাবে আপুনি কম চৰ্বিযুক্ত গাখীৰ খাব পাৰে ।

কম চৰ্বিযুক্ত গাখীৰ

ফেটি লিভাৰৰ সমস্যা থাকিলে আপুনি কফি সেৱন কৰিব পাৰে । বিশেষজ্ঞৰ মতে কফিয়ে ফেটি লিভাৰ উন্নত কৰাত সহায় কৰিব পাৰে ।

কফি সেৱন

সেউজীয়া শাক-পাচলিৰ লগতে পালেং শাক,ৰঙালাও আদিকে ধৰি ভিটামিন ই সমৃদ্ধ খাদ্যৰ তালিকাত ৰাখিব লাগে ।

শাক-পাচলি

লিভাৰৰ সমস্যা হ'লে পৰ্যাপ্ত পানী সেৱন কৰাটো অতি প্ৰয়োজন । শৰীৰত পানীৰ অভাৱে লিভাৰত নেতিবাচক প্ৰভাৱ পেলায় ।

পানী সেৱন

বিশেষজ্ঞৰ মতে, খাদ্য তালিকাত নহৰু  অন্তৰ্ভূক্ত কৰিলে শৰীৰৰ চৰ্বিৰ ভৰ হ্ৰাস হয় । ইয়াৰ লগতে ই ফেটি লিভাৰৰ বাবেও উপকাৰী ।

নহৰু খাওক

ফেটি লিভাৰৰ সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন । নহ'লে ই পিছলৈ জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ?