মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ, পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰসমূহ…
বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ২২ ছেপ্টেম্বৰ সোমবাৰৰ দিনটোৰ ৯ টা শীৰ্ষ খবৰ পলকতে পঢ়ো আহক।

জুবিন গাৰ্গ
জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ২২ ছেপ্টেম্বৰ সোমবাৰৰ দিনটোৰ ৯ টা শীৰ্ষ খবৰ পলকতে পঢ়ো আহক।
দিনটোৰ শীৰ্ষ খবৰ
- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চলি থকা চাঞ্চল্যৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। আজি এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। কাইলৈ পুৱা হ’ব মৰণোত্তৰ পৰীক্ষা।
- জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে আজিও সৰুসজাই দেখা যায় অনুৰাগীৰ ব্যাপক ভিৰ। সকলোৱেই অশ্ৰুসিক্ত নয়নেৰে অন্তিম শ্ৰদ্ধা জনাইছে শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰত। কালিলৈ পঞ্চভূতত বিলীন হ’ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পীগৰাকী।
- জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মন্তব্য কৰিছে শেষ সময়ত তেওঁৰ সৈতে থকা শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱাৰ পৰা তেওঁৰ মৃত্যু হোৱালৈকে কি কি হৈছিল সকলো বিৱৰি ক’লে সহযোগীগৰাকীয়ে।
- জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত দাবী কৰিছে জুবিন ফেন ক্লাৱে। আজি এক সংবাদমেল সম্বোধন কৰি পিকু বৰগোঁহাইৰ লগতে ফেন ক্লাৱৰ সদস্য সকলে চৰকাৰক তদন্তৰ বাবে আহ্বান জনায়। লগতে শেষকৃত্য অনুষ্ঠানত সকলোকে সুস্থিৰভাৱে অংশগ্ৰহণৰ বাবেও তেওঁলোকে অনুৰোধ জনায়।
- জুবিন গাৰ্গৰ শেষকৃত্য উপলক্ষে মঙলবাৰে ৰাজ্যত বন্ধ থাকিব সকলো চৰকাৰী শিক্ষানুষ্ঠান। তাৰোপৰি মঙলবাৰৰ দিনটো ড্ৰাই ডে’ ঘোষণা কৰিছে চৰকাৰে। মেঘালয় চৰকাৰেও খানাপাৰাত সকলো সুৰাৰ বিপনী বন্ধ ৰখাৰ নিৰ্দেশ দিছে। সোণাপুৰত হ’ব জুবিন গাৰ্গৰ শেষকৃত্য।
- জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যত শোকৰ বন্যা বৈ থকাৰ সময়তে আজি অনুষ্ঠিত হয় বিটিচি নিৰ্বাচন। এক প্ৰকাৰ শান্তিপূৰ্ণভাৱেই সমাপ্ত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। পাঁচখন জিলাৰ ৪০ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ। অহা ২৬ ছেপ্টেম্বৰত হ’ব ভোট গণনা।
- শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এইবাৰে নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকল দৰমহা আৰু পেঞ্চন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পূজাৰ পূৰ্বেই দৰমহা আৰু পেঞ্চন লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে।
- আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন জি এছ টি। পূৰ্বৰ চাৰিটা জি এছ টি ফলক পৰিহাৰ কৰি বৰ্তমান দুটা ফলকত সীমাবদ্ধ ৰখা হৈছে সামগ্ৰী আৰু সেৱা কৰ। ইয়াৰ ফলত বহু সামগ্ৰী মূল্য আজিৰে পৰা হ্ৰাস পাব।
- এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ প্ৰথমখন মেচত পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে ভাৰতে। চলিত প্ৰতিযোগিতাখনত পুনৰ মুখামুখি হ’ব পাৰে ভাৰত-পাকিস্তান। পৰৱৰ্তী দুখন মেচত পাকিস্তান জয়ী হ’লে ফাইনেলত দুয়োটা দল মুখামুখি হোৱাৰ সম্ভাৱনা আছে।