শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Rajya Sabha Election : অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী নাম চূড়ান্ত

ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক ৰাজ্যৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে চূড়ান্ত কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই । উল্লেখ্য যে, ৰামেশ্বৰ তেলী বিজেপিৰ প্ৰাক্তন সাংসদ হোৱাৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি আহিছে । ইয়াৰ বিপৰীতে মিছন ৰঞ্জন দাসে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ।

Rajya Sabha Election : অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী নাম চূড়ান্ত
অসমৰ দুখন ৰাজ্যসভা আসমৰ বাবে বিজেপিৰ প্ৰাৰ্থী
manas-borah
Manas Borah | Updated On: 20 Aug 2024 19:57 PM

অসমত খালী হৈ থকা দুখন ৰাজ্যসভাৰ আসনৰ বাবে চূড়ান্ত কৰা দুগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে । সূত্ৰৰ খবৰ অনুসৰি,  ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক ৰাজ্যৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে চূড়ান্ত কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই । উল্লেখ্য যে, ৰামেশ্বৰ তেলী বিজেপিৰ প্ৰাক্তন সাংসদ হোৱাৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি আহিছে । ইয়াৰ বিপৰীতে মিছন ৰঞ্জন দাসে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ।

সূত্ৰ খবৰ অনুসৰি,ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰে কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত অংশগ্ৰহণ কৰিছিল অমিত শ্বাহ আৰু জে পি নড্ডাই । দিল্লীত আয়োজিত এই বৈঠকতে এই দুয়োগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় ।


২১আগষ্ট কাইলৈ ৰামেশ্বৰ তেলীৰ সৈতে মিছন ৰঞ্জন দাসেও মনোনয়ন দাখিল কৰিব। বিজেপিয়ে জানিবলৈ দিয়া মতে, বিহাৰৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে মনন কুমাৰ মিশ্ৰ, হাৰিয়ানাৰ বাবে কিৰণ চৌধুৰী, মধ্য প্ৰদেশৰ বাবে জৰ্জ কুৰিয়েনৰ নাম চুড়ান্ত কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ এখন আসনৰ বাবে ধৈৰ্যশীল পাটিল, ওড়িশাৰ মমতা মেহতা, ৰাজস্থানৰ চৰদাৰ ৰবনীত সিং সিদ্ধু আৰু ত্ৰিপুৰাৰৰ এখন ৰাজ্যসভাৰ আসনৰ বাবে ৰাজীৱ ভট্টাচাৰ্যক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিয়ে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, অহা ৩ ছেপ্টেম্বৰত ৰাজ্যসভাত খালী হৈ থকা ১২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰতিখন আসনৰ বাবে পৃথক পৃথক নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই ফলাফল ঘোষণা কৰা হ’ব।