জুবিন গাৰ্গাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী…

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে আছে সমগ্ৰ অসমে। তাৰ মাজতে অসমত উপস্থিত হ'ব কংগ্ৰেছ নেতাগৰাকীয়ে।

জুবিন গাৰ্গাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত উপস্থিত হব ৰাহুল গান্ধী...

ৰাহুল গান্ধী

Published: 

16 Oct 2025 | 11:18 AM

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ১৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। গুৱাহাটীত উপস্থিত হৈ তেওঁ সোণাপুৰস্থিত সমাধিস্থলীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পাছত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰিব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে।

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱতি লৈছিল জুবিন গাৰ্গে। পানীত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। কিন্তু কিয়, কেনেকৈ এই মৃত্যু হয় তাক লৈ আজিও আছে বহু প্ৰশ্ন। অসমৰ প্ৰায় প্ৰতিগৰাকী জনতাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এছ আই টিয়ে ৫ জনক গ্ৰেপ্তাৰ কৰিছে। এতিয়াও ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত আৰু আৰক্ষীয়ে সকলো ধৰণৰ তদন্তৰ আশ্বাস দিছে।

এই গ্ৰেপ্তাৰ কৰাসকলৰ ৫ জনক কালি বাক্সাৰ নিকাচিস্থিত কাৰাগাৰলৈ লৈ যোৱা হয়। কিন্তু তাৰ পাছতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু জনতাৰ মাজত হোৱা হতাহতিৰ ফলত ৬০ জনৰো অধিক লোক আহত হয়। পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে আৰক্ষীয়ে লাঠিচালনা আৰু গুলীচালনা কৰিবলৈ বাধ্য হয়। ইফালে উত্তেজিত জনতাই জ্বলাই দিয়ে আৰক্ষীৰ বাহন।

ইয়াৰ মাজতে এতিয়া ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰিব। যাক লৈ বিভিন্নজনে বিৰোধিতা কৰিছে। এনে পৰিস্থিতি ৰাজনৈতিক নেতাৰ অসম ভ্ৰমণে পৰিস্থিতি অন্য দিশলৈ নিব পাৰে বুলি একাংশই উদ্বেগ প্ৰকাশ কৰিছে। উল্লেখ্য যে, সাধাৰণ জনতাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমতো এক প্ৰকাৰ আন্দোলন চলাই আছে। #Justiceforzubeengarg লিখি সকলোৱে ন্যায়ৰ দাবী কৰিছে।

 

অন্য খবৰ পঢ়কঃ বাক্সাত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত দীপক বৰ্তমান সংকটমুক্ত, আহত ৬০ ৰো অধিক…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...