কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাংচিকাৰী, বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা অনুসৰি ২৮ মে’ৰ নিশা প্ৰায় ৮ বজাৰ পৰাই ইষ্টাৰ্ন ৰেঞ্জৰ ৰেঞ্জ অফিচাৰে (অগৰাতলী) ফ্ৰণ্টলাইন কৰ্মচাৰীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ লগে লগে প্ৰতিক্ৰিয়া আৰম্ভ হয়। ঘোষে কয় যে, সকলো বন শিবিৰতে তৎক্ষণাত হাই এলাৰ্টত জাৰি কৰা হয়, আৰু অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী দলক  নিয়োগ কৰা হয়।

কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাংচিকাৰী, বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাংচিকাৰী

Updated On: 

29 May 2025 | 02:33 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অগৰাতলী বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু সশস্ত্ৰ চোৰাংচিকাৰীৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষত নিহত এজন চোৰাং চিকাৰীৰ মৃত্যু হোৱাৰ লগতে  অস্ত্ৰ-শস্ত্ৰৰ উদ্ধাৰ কৰা হয়। এই কথা প্ৰকাশ কৰিছে উদ্যানৰ বিষয়াসকলে। বুধবাৰে মাজনিশা চোৰাংচিকাৰীয়ে বালিডুবি কেম্পত নিয়োজিত বনকৰ্মীৰ ওপৰত আক্ৰমণ চলাই । ইয়াৰ পিছতে সমগ্ৰ সংৰক্ষিত অঞ্চলত তাৎক্ষণিকভাৱে নিৰাপত্তাৰক্ষীসকল সক্ৰিয় হৈ পৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা অনুসৰি ২৮ মে’ৰ নিশা প্ৰায় ৮ বজাৰ পৰাই ইষ্টাৰ্ন ৰেঞ্জৰ ৰেঞ্জ অফিচাৰে (অগৰাতলী) ফ্ৰণ্টলাইন কৰ্মচাৰীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ লগে লগে প্ৰতিক্ৰিয়া আৰম্ভ হয়। ঘোষে কয় যে, সকলো বন শিবিৰতে তৎক্ষণাত হাই এলাৰ্টত জাৰি কৰা হয়, আৰু অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী দলক  নিয়োগ কৰা হয়।

ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে দলটোৱে চোৰাংচিকাৰীৰ গ্ৰুপটোক অনুসৰণ কৰাৰ লগে লগে বন বিভাগ আৰু স্থানীয় আৰক্ষীৰ যৌথ অভিযান তীব্ৰতৰ হৈ পৰে। নিশা প্ৰায় ১০:৩০ বজাত ধনবাৰী অঞ্চলত নিৰাপত্তাৰক্ষীয়ে সন্দেহজনক গতিবিধি ধৰা পেলায়। পৰিস্থিতি কেনেকৈ বন্দুকৰ সংঘৰ্ষলৈ পৰিণত হ’ল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰি ঘোষে ব্যাখ্যা কৰে যে, “দলটোৱে সতৰ্কবাণী জাৰি কৰি সন্দেহযুক্ত লোকসকলক নিজৰ পৰিচয় দিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অস্ত্ৰধাৰী চোৰাংচিকাৰীয়ে নিৰাপত্তাৰক্ষীসকলৰ ওপৰত গুলীচালনা কৰে।”

সংঘৰ্ষ অন্তত  ১১ ৰাউণ্ড সজীৱ গুলীসহ এ কে ৫৬ ৰাইফল লৈ থকা অৱস্থাত এটা আহত চোৰাংচিকাৰীক উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। উদ্ধাৰ হোৱা অতিৰিক্ত অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটা গুলীৰ সৈতে এটা .৩০৩ ৰাইফল, এখন কুঠাৰ, খাদ্য সামগ্ৰী আৰু টৰ্চ থকা এটা বেগ। আহত চোৰাংচিকাৰীটোক ততাতৈয়াকৈ বোকাখাতৰ স্বাহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাৰ পিছত চিকিৎসাকে চোৰাংচিকাৰীটোক মৃত বুলি ঘোষণা কৰে। ঘোষে জোৰ দি কয় যে, “কাণ্ডটোৰ সৈতে জড়িত আন সন্দেহযুক্ত লোকসকলক আটক কৰাৰ বাবে এক ব্যাপক অনুসন্ধান অব্যাহত আছে। বন বিভাগ আৰু আৰক্ষীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।” উল্লেখ্য যে, ২১ মে’ত দুৰামাৰী অঞ্চলত আন এজন অস্ত্ৰধাৰী চোৰাংচিকাৰীৰ মৃত্যু হৈছিল।

শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
পূৰণ হ'ব সকলো মনৰ ইচ্ছা! এই ৫টা উপায়ে সন্তুষ্ট কৰক হনুমানক...
শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?