ডিহাইড্ৰেচনৰ সমস্যা দূৰ কৰিব এনে পানীয়ই, লাভ কৰিব আন সুফলো

13 Sep 2025

TV9 ASSAM

শৰীৰত পানীৰ অভাৱ হোৱা অৱস্থাক ডিহাইড্ৰেচন বোলা হয়। এনে পৰিস্থিতিত দেহৰ বহু সমস্যা হ’ব পাৰে। এই সময়ত কেৱল পানী খালেই দেহে শক্তি নাপায়।

ডিহাইড্ৰেচন

এনে সময়ত কিছু স্বাস্থ্যকৰ প্ৰাকৃতিক পানীয় খোৱা উচিত। ইয়াৰ ফলত তৎক্ষণাত শক্তি পোৱা যায় আৰু শৰীৰ হাইড্ৰেটেড হয়। এনে ৫ বিধ পানীয়ৰ বিষয়ে জানো আহক।

স্বাস্থ্যকৰ পানীয়

সাধাৰণ পানী খোৱাৰ পৰিৱৰ্তে তাত অলপ নেমু ৰস দি লওক। ই শৰীৰ হাইড্ৰেট কৰাৰ লগতে ইয়াত থকা ভিটামিন চিয়ে শক্তি বৃদ্ধিত সহায় কৰে। ই দেহ সতেজ কৰি তোলে।

নেমুৰ চৰবত

নাৰিকলৰ পানীও এইক্ষেত্ৰত এক উত্তম বিকল্প। ইয়াৰ দ্বাৰা শৰীৰৰ পানীৰ অভাৱ পূৰণ হোৱাৰ লগতে ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰা হয়, যি নিমিষতে শক্তি বৃদ্ধি কৰে।

নাৰিকলৰ পানী

তাৎক্ষণিক শক্তিৰ বাবে প্ৰাকৃতিক পানীয় হিচাপে গাখীৰৰ পৰা তৈয়াৰী ছাঁচ খাব পাৰে। কেলচিয়াম, ভিটামিন ডি, বি১২কে ধৰি বহুতো পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ছাঁচ এক ছুপাৰ ড্ৰিংক।

ছাঁচ

পানীৰ অভাৱত হোৱা সমস্যা দূৰ কৰি দেহৰ শক্তি বৃদ্ধি কৰিবলৈ চেনি আৰু নিমখ মিহলাই পানী খাব লাগে। ইয়াৰ ফলত শৰীৰত গ্লুক’জ বৃদ্ধি পায় আৰু তৎক্ষণাত শক্তি প্ৰদান কৰে।

চেনি-নিমখৰ পানী

দেহত তাৎক্ষণিক শক্তিৰ বাবে কলৰ মিল্কশ্বেক অত্যন্ত উপকাৰী। ইয়াত যথেষ্ট পৰিমাণৰ পটাছিয়াম, কাৰ্বৰ লগতে আন বহুতো পুষ্টিকৰ উপাদানো উপলব্ধ, যি দেহত শক্তি বৃদ্ধি কৰে।

কলৰ মিল্কশ্বেক

পঢ়িবলৈ ক্লিক কৰক 

আর্থিক বাধা, পাপ দূৰ কৰিব তুলসীৰ এনে বিধানে