প্ৰধানমন্ত্ৰী মোদীক ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক হিচাপে অভিহিত অমিত শ্বাহৰ, শুভেচ্ছা জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক বুলি অভিহিত কৰি তেওঁৰ ৭৫ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে অমিত শ্বাহে । এক্সৰ এটা পোষ্টত শ্বাহে কয় যে, প্ৰধানমন্ত্ৰীগৰাকী কোটি কোটি ভাৰতীয়ৰ বাবে প্ৰেৰণা উৎস হৈয়েই আছে। একে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাই ক'লে...

প্ৰধানমন্ত্ৰী মোদীক ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক হিচাপে অভিহিত অমিত শ্বাহৰ, শুভেচ্ছা জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে...

নৰেন্দ্ৰ মোদী

Published: 

17 Sep 2025 14:58 PM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক বুলি অভিহিত কৰি তেওঁৰ ৭৫ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে। এক্সৰ এটা পোষ্টত শ্বাহে কয় যে, প্ৰধানমন্ত্ৰীগৰাকী কোটি কোটি ভাৰতীয়ৰ বাবে প্ৰেৰণা উৎস হৈয়েই আছে।

তেওঁ কয়, “ত্যাগৰ আৰু নিষ্ঠাৰ প্ৰতীক, লাখ লাখ দেশবাসীৰ বাবে প্ৰেৰণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭৫ সংখ্যক জন্মদিনত আন্তৰিক শুভেচ্ছা জনাইছো।” তেওঁ লিখিছে যে, সামাজিক জীৱনত পাঁচ দশকৰো অধিক সময় দেশবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰি অহা মোদী প্ৰতিজন নাগৰিকৰ বাবে প্ৰেৰণা উৎস।”

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, তেওঁ নিজৰ অসাধাৰণ নেতৃত্বৰ জৰিয়তে দেশত “মহান লক্ষ্যত উপনীত হোৱাৰ সংস্কৃতি” গঢ়ি তুলিছে। “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।”এইদৰে কয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই কয় যে,”মা ভাৰতীৰ সুযোগ্য সন্তান, বিশ্বৰ মঞ্চত ভাৰতৰ শ্ৰেষ্ঠ কণ্ঠস্বৰ, আমাৰ মাৰ্গদৰ্শক প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীলৈ অসমবাসীৰ হৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ দেশৰ অখণ্ডতা, সুৰক্ষাৰ লগতে আমাৰ অসমখনৰ বিকাশ-উন্নয়ন তথা শান্তিৰ বাবেও আপোনাৰ যি বলিষ্ঠ পদক্ষেপ আৰু আমালৈ মৰম সেয়া কৃতজ্ঞ অসমীয়া জাতিয়ে সদায়েই স্মৰণ কৰিব৷”

“মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আপোনাক সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু অক্ষয় শক্তি প্ৰদান কৰক, সেয়াই প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ সু-নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে, তাক লৈ দেশবাসীয়ে চিৰদিন গৌৰৱবোধ কৰিব৷” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ইফালে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ ৭৫ বছৰীয়া জন্মদিনত অসমেও দেশৰ সৈতে একেলগে ‘সেৱা সপ্তাহ’ পালন কৰিবলৈ আগবঢ়াৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ জানিবলৈ দিছে যে, আমাৰ চৰকাৰে বৃহৎ স্বাস্থ্য শিবিৰ, গছপুলি ৰোপণ অভিযান, ৰক্তদান, যুৱ প্ৰতিভা সন্মান আৰু যক্ষ্মা ৰোগীক সহায় আদি কার্যসূচীৰ জৰিয়তে সেৱা, সহানুভূতি আৰু জনকল্যাণক প্রাধান্য দি এই সপ্তাহটি ৰূপায়ণ কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ১৫ দিনীয়াকৈ দেশজুৰি “Sewa Pakhwada” পালনৰ পৰিকল্পনা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতে ৰক্তদান শিবিৰ, স্বচ্ছতা অভিযান আৰু প্ৰদৰ্শনীৰ আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰ সাফল্যসমূহ প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ঘোষণা কৰিছিল যে, প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা আৰম্ভ কৰি গান্ধী জয়ন্তীলৈকে (১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ) এই অভিযান চলিব।

ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...
বাৰে বাৰে জ্বৰ উঠাটো কি ৰোগৰ লক্ষণ? জানি হ'ব আচৰিত!