নুমলীগড়ত বায়’ ইথানল প্ৰকল্প মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ পলীপ্ৰ’পেলিন প্ৰকল্প সন্দৰ্ভত কৰিলে এনে আগজাননী
এই প্ৰকল্প উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়াতে শাৰদীয় দুৰ্গা পূজা আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মজয়ন্তীৰ আগতীয়া শুভেচ্ছা জনায়। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত অসম আৰু বিকশিত ভাৰতৰ গৌৰৱ যাত্ৰাৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

নুমলীগড়ত প্ৰধানমন্ত্ৰী মোদী
দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উন্মোচন তথা আধাৰশিলা স্থাপন কৰে। প্ৰথমে দৰঙত উপস্থিত হৈ তেওঁ কেইবাকোটি টকাৰ উন্নয়নমূলক প্ৰকল্প ৰাজ্যৰ বাবে আগবঢ়োৱাৰ পিছত পূৰ্ব নিৰ্ধাৰিত সূচী মতে নুমলীগড়লৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে আজি নুমলীগড়ত প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয়েৰে দেশৰ ভিতৰতে প্ৰথমটো বায়’ ৰিফাইনেৰী প্ৰকল্প মুকলি কৰে। ইয়াৰ পিছতে তেওঁ পলীপ্ৰ’পেলিন উদ্যোগৰ আধাৰশিলাও স্থাপন কৰে।
দেশৰ ভিতৰতে প্ৰথমটো বায়’ ৰিফাইনেৰী প্ৰকল্প হিচাপে হিচাপে পৰিগণিত হোৱা এই প্ৰকল্পত বাঁহৰ পৰা ইথালনৰ লগতে আন তিনিবিধ বায়’ প্ৰডাক্ট প্ৰস্তুত কৰা হ’ব। তথ্য অনুসৰি প্ৰতি বছৰে ৫০০০ মেট্ৰিকটন কিলো বাঁহৰ ব্যৱহাৰেৰে এই প্ৰকল্পৰ জৰিয়তে ৫০ হেজাৰ টন ইথানল, ১৮ হেজাৰ টন ফাৰ্ফিউৰেল আৰু ১১ হেজাৰ টন এচিডিক এচিড উৎপাদন কৰা হ’ব।
আনহাতে অৱশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব আৰু ইয়াৰে ২০ মেগাৱাট প্ৰকল্পটোত ব্যৱহাৰ কৰাৰ বিপৰীতে বাকী ৫ মেগাৱাট এন আৰ এলত ব্যৱহাৰ কৰা হ’ব বুলি তথ্যত প্ৰকাশ। এই প্ৰকল্প উন্মোচনৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰিও উপস্থিত থাকে।
এই প্ৰকল্প উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়াতে শাৰদীয় দুৰ্গা পূজা আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মজয়ন্তীৰ আগতীয়া শুভেচ্ছা জনায়। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত অসম আৰু বিকশিত ভাৰতৰ গৌৰৱ যাত্ৰাৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। আজিৰ দিনটোত অসমে ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এনে প্ৰয়াসে বিকশিত অসমৰ পথ অধিক মসৃণ কৰিব বুলিও কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ভাৰত এতিয়া ইন্ধনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে। নুমলীগড়ৰ জৈৱ ইথানল প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ কৃষক তথা জনজাতীয় লোকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে। নিজ ভাষণত তেওঁ লগতে বাঁহৰ খেতিৰ বাবে চৰকাৰে কৃষকসকলক সহায় কৰিব আৰু কৃষকৰ পৰা চৰকাৰে বাঁহ ক্ৰয় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।
ভাষণত তেওঁ লগতে কংগ্ৰেছ চৰকাৰকো তীব্ৰ আক্ৰমণ কৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বাঁহ কটাৰ বাবে সাধাৰণ লোকক কাৰাগাৰলৈ পঠিয়াইছিল আৰু বাঁহ কটাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও বিজেপিয়ে বাঁহ কটাৰ ওপৰত নিষেধাজ্ঞা আতৰাইছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ’
ইফালে অসমৰ পেট্ৰ’লিয়ামে দেশৰ বিকাশক গতি প্ৰদান কৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। বায়’ ৰিফাইনেৰী প্ৰকল্পৰ পিছতে পলীপ্ৰ’পেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পলীপ্ৰ’পেলীন অসমৰ নতুন পৰিচয় হ’ব বুলি মন্তব্য কৰে। তেওঁৰ ভাষাত, গামোচা আৰু মুগাৰ দৰেই পলীপ্ৰ’পেলিন এতিয়া অসমৰ নতুন পৰিচয় হ’ব বুলি আশা প্ৰকাশ কৰে।