প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ভূপেন দাৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে সন্মান প্ৰদৰ্শন কৰিছে, অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে।

প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি কলে মুখ্যমন্ত্ৰীয়ে?

প্ৰধানমন্ত্ৰী মোদী আদৰণি হিমন্ত বিশ্ব শৰ্মাৰ

Updated On: 

13 Sep 2025 22:31 PM

ৰাজ্য চৰকাৰে আয়োজন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ড০ ভূপেন হাজৰিকাৰ মৃত্যুত  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাত “ব্যৰ্থ” হোৱাৰ বাবে মানুহে ভুগি থকা বেদনা এতিয়া নাইকীয়া হৈছে ।

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “যেতিয়া ভূপেন দাৰ মৃত্যু হৈছিল (২০১১ চনত) অসমৰ ৰাইজে বিচাৰিছিল যে ভাৰত চৰকাৰৰ এজন প্ৰতিনিধি আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওক। আমি বিচাৰিছিলো যে প্ৰধানমন্ত্ৰীয়ে আহি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত মাল্যাৰ্পণ কৰক।”

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ভাৰত-ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকীৰ বছৰজোৰা উদ্যাপনৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ড° ভূপেন হাজৰিকাৰ কৰ্মময় জীৱন আৰু জাতিলৈ আগবঢ়োৱা অৱদানৰ উল্লেখেৰে এক সাৰগৰ্ভ ভাষণ প্রদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা এটি স্মৃতিমুদ্রা উন্মোচন কৰাৰ লগতে ভূপেনদাৰ জীৱন আৰু কৰ্মৰ আধাৰত প্ৰণীত তথা দেশৰ ২১ টা অন্য ভাষালৈ অনূদিত এখনি গ্রন্থও আনুষ্ঠানিকভাৱে মুকলি কৰে।

তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কথা উল্লেখ কৰি তেওঁ কয় যে, “কিন্তু আমাৰ সপোন পূৰণ নহ’ল।”

“আজি প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেনদাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হ’বলৈ আহিছে…ভূপেন দাৰ প্ৰতি যিদৰে সন্মান প্ৰদৰ্শন কৰিছে, অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন হাজৰিকাৰ গীত আৰু অন্যান্য সৃষ্টিসমূহে কেনেদৰে সামাজিক সমতা আৰু গভীৰ জাতীয়তাবাদৰ পোষকতা কৰিছিল সেই কথাও আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে মুখ্যমন্ত্ৰী শৰ্মাই ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান, ধলা-শদিয়া দলংখন ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা আৰু তেওঁৰ স্মৃতিত ১০০ টকীয়া মুদ্ৰা মুকলি কৰাকে ধৰি সন্মান প্ৰদৰ্শন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি শনিবাৰে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে দেওবাৰে কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশ ল’ব।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!