গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীক! নিটি আয়োগৰ প্ৰতিবেদনত অসমৰ স্থান অন্তিম ৫ ৰাজ্যৰ তালিকাত…

Niti Aayog: শেহতীয়াকৈ প্ৰকাশ পোৱা নিটি আয়োগৰ তথ্যত অসমৰ এক দুখলগা ছবি প্ৰকাশ পাইছে। এই সন্দৰ্ভতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰিছে।

গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীক! নিটি আয়োগৰ প্ৰতিবেদনত অসমৰ স্থান অন্তিম ৫ ৰাজ্যৰ তালিকাত...

হিমন্ত-গৌৰৱ

Updated On: 

28 Aug 2025 09:39 AM

শেহতীয়াকৈ প্ৰকাশ পোৱা নিটি আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত চৰকাৰক লক্ষ্য কৰি ল’লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ২৭ আগষ্টত এই বিষয়টোত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, নিটি আয়োগৰ তথ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহুপ্ৰচাৰিত ‘ভিজন অসম’ৰ ধাৰণাক উদঙাই দিয়ে। এই বিষয়ে সামাজিক মাধ্যমত পোষ্ট দি তেওঁ কয় যে বিজেপি চৰকাৰখনে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, ক্ষুধা নিবৃত্তি আদি দিশৰ ওপৰত গুৰুত্ব দিব লাগে। শেহতীয়াকৈ প্ৰকাশ পোৱা নিটি আয়োগৰ তথ্যই মুখ্যমন্ত্ৰীৰ তথাকথিত ভিজন অসমৰ আচল স্বৰূপ উদঙাই দিয়া বুলিও তেওঁ কয়।

গগৈয়ে সামাজিক মাধ্যমত লিখে যে, ”নিটি আয়োগৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ সন্মুখত সততে দাঙি ধৰা তেওঁৰ ‘ভিজন’ৰ প্ৰকৃত স্বৰূপ। তেওঁ আজি দশকজুৰি অসমবাসীক সপোন দেখুৱাই উদাত্ত কন্ঠেৰে প্ৰতিশ্ৰুতি দি আহিছে যে অসমক তেওঁ দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তুলিব।

কিন্তু নীতি আয়োগৰ ১৭টা লক্ষ্যৰ ওপৰত আধাৰিত প্ৰতিবেদন অনুসৰি, দেশৰ ২৮ খন ৰাজ্যৰ ভিতৰত অধিক সংখ্যক লক্ষ্যত অসমে স্থান লাভ কৰিছে ২০ অথবা তাতকৈ তলত। তিনিটা মৌলিক প্ৰয়োজনীয় বিষয়ত অসমৰ স্থান ক্ৰমে তলত দিয়া ধৰণৰ:

সু-স্বাস্থ্যত ২৮ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান : ২৬

সু-শিক্ষাত ২৮ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান : ২৫

ক্ষুধা নিবৃত্তিত অসমৰ স্থান : ২২

এই প্ৰতিবেদন অনুসৰি অসমৰ স্থান দেশৰ অন্তিম ৫ ৰাজ্যৰ তালিকাতহে আছে। স্বাস্থ্যখণ্ডৰ অৱস্থা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতো শোচনীয়। ইয়েই প্ৰমাণ কৰে যে শৰ্মা ডাঙৰীয়াৰ ‘ভিজন অসম’ যে এক মিথ্যা প্ৰচাৰৰ বাদে একো নহয়।

ভুৱা প্ৰতিশ্ৰুতি আৰু চলাহি কথাৰে অসমৰ ভৱিষ্যতক লৈ ধেমালি কৰা বিজেপি চৰকাৰৰ এয়াই আচল চৰিত্ৰ। হিতাধিকাৰী সৃষ্টি আৰু অভিলেখ সৃষ্টিকাৰী প্ৰৱণতাক সদায়েই গুৰুত্ব প্ৰদান কৰা অসম চৰকাৰে এই মৌলিক প্ৰয়োজনীয় বিষয়সমূহৰ ওপৰত কেতিয়া গুৰুত্ব প্ৰদান কৰিব ? মাথো জধে-মধে ফ্লাইঅভাৰ নিৰ্মাণ কৰা আৰু লাখে লাখে হিতাধিকাৰী আঁচনি দিলেই ৰাজ্যখনৰ প্ৰকৃত উন্নয়ন নহয়। আমি সকলো দল, সংগঠন, নাগৰিক সমাজে জনগণৰ এই প্ৰকৃত মৌলিক প্ৰয়োজনীয় বিষয়সমূহৰ সন্দৰ্ভত মাত মাতিব লাগিব আৰু জনগণকো সজাগ কৰি তুলিব লাগিব” ।

 

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰকাশ পোৱা নিটি আয়োগৰ তথ্যত অসমৰ স্থান শোচনীয়। দেশৰ ২৮ খন ৰাজ্যৰ ভিতৰত প্ৰায় শেষৰফালে থাকে অসম। সু-স্বাস্থ্য, সু-জীৱন নিৰ্বাহৰ ক্ষেত্ৰত অসমৰ স্থান ২৬, সু-শিক্ষাৰ ক্ষেত্ৰত ২৫, শূণ্য ক্ষুধাৰ ক্ষেত্ৰত ২২, লিংগ সমতাৰ ক্ষেত্ৰত ২৫ নম্বৰ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ২৩ নম্বৰত আছে।

অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত SOP ত অনুমোদন…

প্ৰস্ৰাৱৰ পাছত পানী খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা, জানক...
চজিনা পাতৰো আছে অসামান্য গুণ, দূৰ কৰিব পাৰে দেহৰ এনে চিন্তনীয় সমস্যা
এই ভিটামিনৰ অভাৱত দাঁতত পোক লাগে, জানক...
মাত্ৰ কেইটামান শব্দই সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! জানক সকলো...