ওপজা দিনত সুধাকণ্ঠক স্মৰণ গুণমুগ্ধৰঃ প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলোৱে সুঁৱৰিলে গণশিল্পীক

নিজা এক্স হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিস্তৃত লেখা শ্বেয়াৰ কৰিছে। এই লেখাটিত তেওঁ আজিৰ দিনটো ভাৰতীয় সংস্কৃতি আৰু সংগীত প্ৰিয়সকলৰ বাবে আজি ৮ ছেপ্টেম্বৰ দিনটো অত্যন্ত বিশেষ দিন বুলি উল্লেখ কৰিছে।

ওপজা দিনত সুধাকণ্ঠক স্মৰণ গুণমুগ্ধৰঃ প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলোৱে সুঁৱৰিলে গণশিল্পীক

আজি সুধাকণ্ঠৰ ওপজা দিন

Updated On: 

08 Sep 2025 12:05 PM

অসমীয়া জাতিৰ উজ্জল ৰত্ন সুধাকণ্ঠ ° ভূপেন হাজৰিকাৰ আজি ওপজা দিন অসমীয়া সমাজসংস্কৃতিক মহীয়ান কৰি তোলা গণশিল্পীগৰাকীৰ ওপজা দিনটোত আজি সৰ্বত্ৰে গুঞ্জৰিত হৈছেভূপেন দা গুণগান সকলো গুণমুগ্ধই আজি এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে ইফালে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসালয়ৰ খেলপথাৰত আজিৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ইতিমধ্যেই খানাপাৰাত এই কেন্দ্ৰীয় অনুষ্ঠানৰ আৰম্ভণি হৈছে

সুধাকণ্ঠৰ ওপজা দিনত আজি প্ৰতিগৰাকী অনুৰাগী তথা গুণমুগ্ধই তেওঁৰ অমিয়া জীৱন সোঁৱৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে সুধাকণ্ঠৰ এই ৯৯ সংখ্যক জন্মদিনত শ্ৰদ্ধা জনাইছে নিজা এক্স হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিস্তৃত লেখা শ্বেয়াৰ কৰিছে

 

এই লেখাটিত তেওঁ আজিৰ দিনটো ভাৰতীয় সংস্কৃতি আৰু সংগীত প্ৰিয়সকলৰ বাবে আজি ৮ ছেপ্টেম্বৰ দিনটো অত্যন্ত বিশেষ দিন বুলি উল্লেখ কৰিছে। আজি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ভূপেন হাজৰিকাক ভাৰতৰ অন্যতম অসাধাৰণ আৰু আৱেগিক কণ্ঠ বুলি উল্লেখ কৰে।

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এই সময় ভাৰতীয় শিল্প জগত আৰু জনসচেতনতাৰ প্ৰতি সুধাকণ্ঠৰ মহৎ অৱদান স্মৰণ কৰাৰ বুলিও লেখাটিত লগতে কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰী মোদীৰ এই পোষ্ট ৰিপোষ্ট কৰিছে

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা এক্স হেণ্ডেল যোগে গণশিল্পীগৰাকীক সোঁৱৰণ কৰে তেওঁ পোষ্টটোত লিখিছে, “আজি আমি এজন কিংবদন্তিৰ জীৱন উদযাপন কৰিছো, যি নিজৰ আত্মাস্পৰ্শী সুৰৰ জৰিয়তে অসমক বিশ্বৰ মাজলৈ লৈ গৈছিল আৰু মানৱতাক নিজৰ সুৰ আৰু প্ৰেমৰ গীত হিচাপে গঢ়ি তুলিছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে তেওঁ লিখিছে, “ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা ডাঙৰীয়াক তেখেতৰ জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ প্ৰাণৱন্ত কণ্ঠই অসমৰ আত্মাক বিশ্বৰ দৰবাৰত প্ৰতিনিধিত্ব কৰিছিল আৰু তেখেতৰ সৃষ্টিসমূহে প্ৰেম, একতা আৰু মানৱতাৰ কথা কৈছিল।

 

° হাজৰিকা ডাঙৰীয়াৰ সুৰ আমাৰ হৃদয়ত চিৰদিনৰ বাবে প্ৰতিধ্বনিত হ’ব আৰু আমাক যিকোনো পৰিস্থিতিতে ঐক্যৰ বাট দেখুৱাই সংগীতৰ শক্তিৰ কথা সোঁৱৰাই থাকিব। মহান ব্যক্তিজনাক ভাৰত ৰত্ন প্ৰদানেৰে মোদী ডাঙৰীয়াই তেখেতৰ জীৱন আৰু স্মৃতিক অমৰ কৰি ৰাখিলে।”- এইদৰে লগতে পোষ্টটোত লিখিছে অমিত শ্বাহে

কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গণশিল্পীক সুঁৱৰি লিখিছে, “ভাৰতৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ বিশ্ব প্ৰশংসিত শিল্পী ড° ভূপেন হাজৰিকাই নিজৰ সৃষ্টিৰ জৰিয়তে ঐক্য, মানৱতা আৰু ভাতৃত্ববোধৰ কালজয়ী বাৰ্তা প্ৰতিধ্বনিত কৰি আহিছে।

 

অসমৰ সংস্কৃতি আৰু সংগীতৰ চহকী জগতখনক ভূপেন হাজৰিকাই বিশ্ব মঞ্চলৈ কঢ়িয়াই লৈ ফুৰাৰ লগতে প্ৰতিজন অসমীয়াৰ আত্মাৰ হৃদস্পন্দন হৈ পৰিছিল বুলিও তেওঁ লগতে লিখিছে। মহান গংগা আৰু ব্ৰহ্মপুত্ৰৰ কাষে কাষে জনসাধাৰণৰ শক্তিশালী কণ্ঠ হিচাপে তেওঁৰ অমৰ কৰ্ম, জীৱন দৰ্শন, সুৰ সমগ্ৰ জাতিটোৰ বাবে এক চিৰন্তন প্ৰেৰণাৰ উৎস হৈ থাকিব বুলিও তেওঁ লগতে লিখিছে।

ইফালে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভূপেন হাজৰিকাৰ সমাধিস্থলীত উপস্থিত হৈ সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনায়। গৌৰৱ গগৈক সংগ দিয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাসে। সমাধিস্থলত উপস্থিত হৈ গৌৰৱ গগৈয়ে প্ৰতিগৰাকী ৰাজনীতিকে ভূপেন হাজৰিকাৰ পৰা শিকিবলগা আছে বুলি মন্তব্য কৰে। ভূপেন হাজৰিকা আমাৰ মাজত সদায় থাকিব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে লগতে তেওঁক অসমীয়া সংস্কৃতিৰ আতাইতকৈ বেষ্ট এম্বেছাদৰ আখ্যা দিয়ে।

আজিৰ পৰা এছিয়া কাপ ২০২৫, এতিয়ালৈকে কেইবাৰ এই প্ৰতিযোগিতা জয় কৰিছে ভাৰতে!
পাকঘৰত ব্যৱহাৰ হোৱা এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ...
এই ৪ ৰাশিৰ ওপৰত থাকে হনুমানৰ বিশেষ কৃপা, কেতিয়াও নহয় সুখ- সমৃদ্ধিৰ অভাৱ!
৯-৯-৯ দুৰ্লভ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...