আপুৰুগীয়া ক্ষতি! ‘নাগাৰা নামৰ সূৰ্য’ খ্যাত ৰামচৰণ ভৰালীৰ দেহাৱসান…

Ramcharan Bharali: নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীৰ মৃত্যু। নিশা ১২.২০ বজাত ইহলীয়া ত্যাগ কৰে তেওঁ। "নাগাৰা নামৰ সূৰ্য" হিচাপে পৰিচিত শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে।

আপুৰুগীয়া ক্ষতি! নাগাৰা নামৰ সূৰ্য খ্যাত ৰামচৰণ ভৰালীৰ দেহাৱসান...

ৰামচৰণ ভৰালী

Published: 

07 Nov 2025 08:29 AM

ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আন এক বেয়া খবৰ। বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান। নিশা ১২.২০ বজাত (৭ অক্টোবৰ) নলবাৰীৰ কুমাৰীকটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। এই খবৰে এতিয়া ৰাজ্যত শোকৰ ছাঁ পেলাইছে। শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৱে সকলোকে মৰ্মাহত কৰিছে।

নাগাৰা নামৰ এজন বিশিষ্ট পাঠক আছিল ৰামচৰণ ভৰালী। তেওঁ আনুমানিক ১৯৬৪ চনত নাগাৰা দলত যোগদান কৰিছিল আৰু মৃত্যুলৈকে এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছিল। নাগাৰা নামক ৰাইজৰ মাজলৈ লৈ যোৱাত ৰামচৰণ ভৰালীৰ অৱদান অতুলনীয়। নাগাৰ নামৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি জনা যায়। নাগাৰা নামৰ লগতে তেওঁ তালৰ এক অভুতপূৰ্ব কলা দেখুৱাইছিল।

নাগাৰা নামলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীগৰাকীয়ে বহু সন্মানেৰেও সন্মানিত হৈছে। তেওঁৰ নামত আছে নাগাৰা নামৰ প্ৰায় ৮৫ খন অডিঅ’ কেচেট, ৩০খন ভিডিঅ’ চিডি আৰু ছয়খন গ্ৰন্থ। ‘মোহন ভাইৰা স্মৃতি বঁটা’ প্ৰাপক এই শিল্পীগৰাকীয়ে অসমৰ নাগাৰা নামৰ ক্ষেত্ৰখন চহকী কৰি থৈ গ’ল।

ভৰালীৰ মৃত্যু অসমৰ লোক কৃষ্টিৰ পথাৰখনৰ বাবে এক ডাঙৰ ক্ষতি বুলি ক’ব পাৰি। ভৰালীৰ নাগাৰ নামৰ এই যাত্ৰা বৰ সহজ নাছিল। এই দিশটোক কৰ্ম হিচাপে গঢ় দিয়াৰ পাছত তেওঁ দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়াও হৈছিল। কিন্তু তাৰ পাছতো তেওঁ নাগাৰা নামৰ ক্ষেত্ৰখনলৈ অৱদান দি গৈছিল। হেৰাই যাব ধৰা এক সংস্কৃতি তেওঁৰ প্ৰৱেশৰ পাছত পুনৰ জী উঠাত সহায়ক হৈছিল। অসমৰ ৰাইজৰ মাজত ৰামচৰণ ভৰালীৰ নাগাৰ নামৰ বিশেষ জনপ্ৰিয়তা আছিল। কিন্তু শিল্পীগৰাকীৰ আকস্মিক মৃত্যুয়ে এতিয়া তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলক শোকস্তব্ধ কৰিছে।

জীৱন যাত্ৰা

ৰামচৰণ ভৰালীৰ জীৱনৰ প্ৰথম কালচোৱা বৰ সুখৰ নাছিল। তেওঁ সৰুতে পিতৃ-মাতৃ আৰু ভগ্নীক হেৰুৱাইছিল। আৰ্থিক সমস্যাৰ বাবে তেওঁ দশম শ্ৰেণীতে পঢ়া এৰিছিল। ইয়াৰ পাছত তেওঁ বলোৱাৰ ‘প্ৰগতি সংঘ’ৰ যাত্ৰা পাৰ্টিৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিছিল। ১৯৫২ চনৰ পৰা ১৯৬৩ চনলৈ মুঠ ১১ টা যাত্ৰা পাৰ্টিত তেওঁ অভিনয় কৰিছিল৷

তেওঁ ১৯৬৪ চনৰ নাগাৰ নামৰ দল এটা গঠন কৰিছিল। তেওঁ অসমৰ উপৰি অৰুণাচল প্ৰদেশ আৰু দিল্লীতো নাগাৰা নাম প্ৰদৰ্শন কৰিছে। ১৯৯১ চনৰ পৰা ২০১০ চনলৈ অসমৰ শ্ৰোতা-দৰ্শকলৈ তেওঁ অডিঅ’ কেছেট ৮৫ খন আৰু ভিডিঅ’ কেছেট ৩০ খন উপহাৰ দিয়াৰ উপৰি ৬ খন নাগাৰা নামৰ কিতাপ উপহাৰ দিছে।

তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বহু সন্মান লাভ কৰিছে। ১৯৯৪ চনত এককালীন চৰকাৰী সাহায্য লাভ কৰাৰ উপৰি ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে নাগাৰা নামৰ শিল্পীয়ে চৰকাৰী স্বীকৃতি হিচাপে পেঞ্চন লাভ কৰিছিল। ভৰালীৰ নাগাৰা নামৰ কেচেটসমূহৰ ভিতৰত হ’ল-লক্ষ্মীনাৰায়ণ, চিত্ৰকেতু আদি।

 

অন্য খবৰ পঢ়কঃ মোদী মোৰ বন্ধু, শীঘ্ৰেই মই ভাৰত ভ্ৰমণ কৰিম…ট্ৰাম্পৰ পুনৰ এক ডাঙৰ দাবী…

জিভাত জ্বলা হ’লেও দেহত ‘মিঠা’ প্ৰভাৱ কেঁচা সেউজীয়া জলকীয়াৰ, জানেনে আপুনি?
এই ৫টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি, জানক চিকিৎসকৰ পৰা...
কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ