নগাঁৱত বিদেশী ঘোষিত হ’ল ১৫ জনকৈ লোক, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব ভাৰতৰ সীমা

এই ৰায়ৰ পিছতে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। বুধবাৰে ন্যায়াধিকৰণে অবৈধ এই লোককেইজনক বিতাৰণৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে ব্যক্তিকেইজনক বিতাড়নৰ বাবে জিম্মাত লৈছে।

নগাঁৱত বিদেশী ঘোষিত হ’ল ১৫ জনকৈ লোক, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব ভাৰতৰ সীমা

নগাঁও বিদেশী ন্যায়াধিকৰণ

Updated On: 

18 Dec 2025 17:59 PM

ৰাজ্যত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে ধাৰাবাহিকভাৱে চলি আহিছে আন্দোলন, উত্থাপন হৈছে দাবী। ইফালে বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি আহিছে ৰাজ্য চৰকাৰেও। শেহতীয়া কিছুদিনত সীমান্তত অসমৰ সীমাৰ ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলাই বহু বাংলাদেশী নাগৰিক ধৰা পৰাৰ তথ্যও পোহৰলৈ আহিছে। এনে দাবী তথা প্ৰচেষ্টাৰ মাজতে বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে নগাঁও বিদেশী ন্যায়াধিকৰণে। বুধবাৰে ন্যায়াধিকৰণে ১৫ জন ব্যক্তিক বাংলাদেশী মূলৰ বিদেশী নাগৰিক বুলি ঘোষণা কৰিছে।

অবৈধ ঘোষিত এই ১৫ ব্যক্তিক ২৪ ঘন্টাৰ ভিতৰত ভাৰতৰ পৰা বিতাড়নৰো নিৰ্দেশ প্ৰদান কৰিছে বিদেশী ন্যায়াধিকৰণে। এই ৰায়ৰ পিছতে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। বুধবাৰে ন্যায়াধিকৰণে অবৈধ এই লোককেইজনক বিতাৰণৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে ব্যক্তিকেইজনক বিতাড়নৰ বাবে জিম্মাত লৈছে।

ইফালে ন্যায়াধিকৰণৰ তথ্য অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই অবৈধ ঘোষিত এই লোককেইজনক আনুষ্ঠানিক বিতাড়নৰ নিৰ্দেশ জাৰি কৰিছে। এই সন্দৰ্ভত প্ৰশাসনিক বিষয়াসকলে জানিবলৈ দিয়া মতে বিদেশী হিচাপে চিনাক্ত কৰা এই লোককেইজনক মাটিয়া ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰি প্ৰয়োজনীয় আইনী আৰু প্ৰশাসনিক পদ্ধতি সম্পূৰ্ণ কৰা হৈছে।

সীমান্ত সুৰক্ষা বাহিনীয়ে আজি নিশাই নিৰ্দিষ্ট প্ৰট’কলৰ আধাৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে এই লোককেইজনক বাংলাদেশক গতাই দিয়াৰ সম্ভাৱনা আছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে সীমান্ত কৰ্তৃপক্ষৰ সহযোগত এই বিদেশী লোকসকলক বাংলাদেশৰ হাতত বিতাড়ন কৰা হ’ব বুলি প্ৰশাসনিক বিষয়াসকলে জানিবলৈ দিয়া বুলি প্ৰকাশ পাইছে।

ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা এই ১৫ জন ব্যক্তিৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। এই লোকসকলে নগাঁও জিলাৰ ভিন্ন স্থানত বসবাস কৰি আহিছিল। তথ্য মতে বিদেশী ঘোষিত হুছেইন আলী, নজৰুল ইছলামা ৰহিম শ্বেখ, বুৰেক আলী,ইদ্ৰিছ আলী নামৰ লোককেইজনে ৰহাত; ৰুষ্টম আলী আৰু তাহেৰ আলীয়ে কলিয়াবৰত বাস কৰি আহিছিল।

একেদৰে সমগুৰিৰ অনুৰা বেগম আৰু আশা খাতুন; বটদ্ৰৱাৰ ফাজিলা খাতুন; ধিঙৰ জোহুৰা খাতুন; নগাঁও টাউনৰ আব্দুল আজিজ; জুৰিয়াৰ আহেদা খাতুন; ৰূপহীহাটৰ আজুফা খাতুন আৰু জখলাবন্ধাত বাস কৰি অহা আনোৱাৰ খানক বিদেশী ঘোষণা কৰিছে নগাঁও বিদেশী ন্যায়াধিকৰণে।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী