মৰিকলঙত দম্পতীক ছুৰীকাঘাত কৰি লুট-পাত, গাৰ ছাঁয়েই হানিলে আঘাত!
নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা। সূত্ৰৰ খবৰ অনুসৰি, শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্পতীক ছুৰীৰে আক্ৰমণ কৰি লুটি নিয়ে ধন।

এসময়ত এটা দম্পত্তীৰ কেয়াৰটেকাৰ হিচাপে কাম কৰিছিল। পাছত সেই দম্পত্তীক ছুৰীৰে আক্ৰমণ কৰি ধন লুটি নিয়ে এজন লোকে। বৰ্তমান সময়ত যেন এজনে আনজনক বিশ্বাসত ল’ব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। দম্পত্তিটোৱে যিজন লোকক বিশ্বাস কৰি কেয়াৰটেকাৰ হিচাপে ৰাখিছিল, সেই লোকজনে এতিয়া দম্পত্তীটোৰ বাবে যম হৈ পৰিল।
নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইতিৰ ঘটনা। সূত্ৰৰ খবৰ অনুসৰি, শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্পতীক ছুৰীৰে আক্ৰমণ কৰি লুটি নিয়ে ধন। জানিব পৰা মতে,নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ হৰেন্দ্ৰ নাথ বৰা আৰু দিপ্তী বৰা ঘৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।
লোকজনৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হৰেন্দ্ৰ নাথ বৰা আৰু দিপ্তী বৰা। বৰ্তমান দুয়োগৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে,অকলশৰীয়া দম্পতীৰ ঘৰত কেয়াৰটেকাৰ হিচাপে থকা প্ৰভাত হাজৰিকা নামৰ এজন লোকে এই ডকাইতিৰ ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰভাত হাজৰিকা পূৰ্বে দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল।
ভুক্তভোগী হৰেন্দ্ৰ নাথ বৰাই জানিব দিছে যে, বহু দিনৰ পৰা প্ৰভাত হাজৰিকা নামৰ লোকজনে ৫০ হাজাৰ টকা দাবী কৰি আছিল। কিন্তু দম্পতীটোৱে পইচা নাই বুলি কৈছিল আৰু দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰিছিল।
ইয়াৰ পাছতে যোৱা ৰাতি পিছফালৰ দৰ্জা ভাঙি দম্পতীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে লোকজনে। প্ৰথমে দিপ্তী বৰাক ছুৰীৰে আক্ৰমণ কৰে প্ৰভাত হাজৰিকাই। ইয়াৰ পাছতে হৰেন্দ্ৰ নাথ বৰাক ছুৰীৰে আক্ৰমণ কৰি ধন লৈ পলায়ন কৰে প্ৰভাত হাজৰিকাই। এই কথা জানিবলৈ দিছে ভুক্তভোগী হৰেন্দ্ৰ নাথ বৰাই।