Morning Headline: ১ মিনিটতে পঢ়ক ৰাজ্যৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ
আজি ১৯ ডিচেম্বৰ বৃহস্পতিবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আজি ১৯ ডিচেম্বৰ দেওবাৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলৰ নৱ ৰূপ। নতুন টাৰ্মিনেল উদ্বোধন কৰিবলৈ অহা ২০ ডিচেম্বৰত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। একে সময়তে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব।
- মহিলা টি-২০ দৃষ্টিহীন বিশ্বকাপজয়ী ছিমু দাসলৈ চৰকাৰী চাকৰি। অসম কন্যা চিমু দাসক Physical Instructor পদত নিযুক্তি। অসম চৰকাৰৰ কেবিনেট বৈঠকত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
- শেহতীয়া কিছুদিন ধৰি শিল্পা শ্বেট্টীক দেখিবলৈ পোৱা নাই কোনো নতুন ছবিত। তথাপি পিছে সততে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰীগৰাকী। এইবাৰ বেংগালুৰুত থকা অভিনেত্ৰীগৰাকীৰ বিখ্যাত হোটেল ‘বাষ্টিয়ান গাৰ্ডেন চিটি’ৰ সৈতে জড়িত এটা গোচৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি মুম্বাইৰ লগতে বেংগালুৰুৰ হোটেলৰ স্থানতো অনুসন্ধান চলাই আছে আয়কৰ বিভাগৰ দলে।
- তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল সন্দৰ্ভত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশিত খবৰ অনুসৰি একেলগে দুটাকৈ সামান্য চিন্তনীয় ৰোগত আক্ৰান্ত হৈছে যুজবেন্দ্ৰ চাহাল। ডেংগু আৰু চিকুংগুনিয়া একেলগে ধৰা পৰিছে চাহালৰ দেহত।
- মহানগৰীৰ ফাঁচী বজাৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। এখন এখনকৈ পদপথৰ সকলো দোকান আঁতৰালে প্ৰশাসনৰ লোকে। এই উচ্ছেদৰ ফলত পদপথৰ বিক্ৰেতা সকলৰ মাজত হাহাকাৰ লাগে। পদপথত সিচঁৰিত হৈ পৰে জোতা, চেণ্ডেল, কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী।
- এ আই ইউ ডি এফে বিজেপিৰ “বি টিম” হিচাপে কাম কৰে বুলি উত্থাপিত অভিযোগৰ উত্তৰত আজমলে কংগ্ৰেছৰ ওপৰত চোকা সমালোচনা কৰে। তেওঁ কয়, “যদি এ আই ইউ ডি এফক বিজেপিৰ বি টিম বুলি কোৱা হয়, তেন্তে কংগ্ৰেছ বিজেপিৰ এ-প্লাছ দল।”
- নগাঁৱত বিদেশী ঘোষিত হ’ল ১৫ জনকৈ লোক। এই ৰায়ৰ পিছতে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। বুধবাৰে ন্যায়াধিকৰণে অবৈধ এই লোককেইজনক বিতাৰণৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে ব্যক্তিকেইজনক বিতাড়নৰ বাবে জিম্মাত লৈছে।
- ভাৰতৰ পৰা উত্তৰ-পূবক পৃথক কৰাৰ সপোন দেখিছে বাংলাদেশী নেতাই। মোগল সম্ৰাট বাবৰৰ পথ অনুসৰণ কৰি সাত ভনী দখলৰ হুংকাৰ বাংলাদেশৰ। ভাৰতে ইতিমধ্যে এনে ভাবুকি বা উচটনি কোনো ধৰণে সহ্য নকৰে বুলি কৈছে।
- ভিবিজি ৰাম জী নামেৰে পৰিচিত ভাৰত গেৰাণ্টী ফৰ এম্প্লয়মেণ্ট এণ্ড লাইভলিহুড মিছন (গ্ৰাম্য) বিধেয়কখন লোকসভাত ধ্বনি ভোটৰ জৰিয়তে গৃহীত হৈছে। লোকসভাত শিৱৰাজ সিং চৌহানে কয় যে কংগ্ৰেছে গান্ধীজীৰ কথা কেতিয়াও শুনা নাছিল। আমি তেওঁক সন্মান কৰো।