Morning Headline: জুবিন ক্ষেত্ৰৰ নতুন নিয়মৰ পৰা বাছ দুৰ্ঘটনালৈ, পুৱাৰ খবৰ…

Morning News: জুবিন ক্ষেত্ৰৰ বাবে প্ৰশাসনে নতুন নিয়মাৱলী জাৰি কৰিছে। যোৱা সময়চোৱাত একাংশই জুবিন ক্ষেত্ৰত উদ্ভাণ্ডলী কৰা দেখা গৈছে। এনে অৱস্থাত প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ।

Morning Headline: জুবিন ক্ষেত্ৰৰ নতুন নিয়মৰ পৰা বাছ দুৰ্ঘটনালৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

24 Oct 2025 07:55 AM

আজি ২৪ অক্টোবৰ, ২০২৫।  প্ৰতিটো দিনেই আমাৰ চাৰিওফালে বিভিন্ন ধৰণ ঘটনা সংঘটিত হয়। তাৰ মাজৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনা এই লেখাটোত উল্লেখ কৰা হ’ল-

  1. জুবিন ক্ষেত্ৰত প্ৰৱেশৰ ক্ষেত্ৰত নিয়মাৱলী জাৰি প্ৰশাসনৰ। সেই অনুসৰি, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ অনুৰাগীয়ে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰোপৰি জুবিন ক্ষেত্ৰ বা তাৰ আশে-পাশে সুৰা সেৱন, সুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
  2. কালি হৈ যোৱা অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰে নেলী কাণ্ড সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে কেবিনেটত অনুমোদন জনায়।
  3. কোকৰাঝাৰ বিস্ফোৰণৰ সৈতে জড়িত এজনক চিনাক্ত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অভিযুক্তৰ ওপৰত ইতিমধ্যে ঝাৰখাণ্ড আৰু অসমত গোচৰ চলি আছে।
  4. অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তথ্য অনুসৰি, চলন্ত বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বৰ্তমানলৈকে প্ৰায় ২০ জন লোকৰ মৃত্যু হৈছে। বাছখনত আছিল প্ৰায় ৪০ জন যাত্ৰী।
  5. দেৱালীৰ পাছত বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বৃহস্পতিবাৰে দিল্লীৰ প্ৰথমটো ক্লাউড ছিডিং টেষ্ট বিমান সফলতাৰে সমাপ্ত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে বতৰ বিজ্ঞান বিভাগে ২৮ অক্টোবৰৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত ডাৱৰীয়া পৰিস্থিতিৰ ভৱিষ্যদ্বাণী কৰিছে। পৰিস্থিতি অনুকূল হ’লে ২৯ অক্টোবৰত কৃত্ৰিম বৰষুণ হ’ব পাৰে।
  6. এডিলেইড এদিনীয়াত অষ্ট্ৰেলিয়াৰ হাতত ৮ উইকেটত পৰাস্ত হয় টিম ইণ্ডিয়া। ১৭ বছৰৰ পাছত এডিলেইডত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ এয়া প্ৰথম এদিনীয়া জয়। কালিৰ খেলত বিৰাট কোহলিয়ে শূন্যত আউট হয়।
  7. পাকিস্তানে নিষেধাজ্ঞা আৰোপ কৰিছে সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-লাব্বাইক পাকিস্তানৰ ওপৰত। ১৯৯৭ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইন (এ টি এ)ৰ অধীনত টি এল পিৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে শ্বৰীফ চৰকাৰে।

 

অন্য খবৰ পঢ়কঃ চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড! থিতাতে মৃত্যু প্ৰায় ২০ জনৰ, আছিল ৪০ গৰাকীকৈ যাত্ৰী…

Related Stories
পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
২০২৬ত বিজেপিয়েই জিকিব! জুবিনক ৰাজনীতিৰ পৰা ১০০০ কিলোমিটাৰ দূৰত ৰখাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
চাৰ্জশ্বীট দিয়াৰ পাছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী, ৰীতা চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভকত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?
১৯৮৩ ৰ নেলীকাণ্ড: ৪২ বছৰৰ পাছত চৰকাৰে বিধানসভাত দাখিল কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন
ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক
আপুনি জানেনে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?