পলকতে পঢ়ক পুৱাৰ শীৰ্ষ খবৰ…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পলকতে পঢ়ক পুৱাৰ শীৰ্ষ খবৰ...

পুৱাৰ মুখ্য খবৰ

Published: 

13 Aug 2025 07:11 AM

 

আজি ১৩ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীঘলবালি অঞ্চলত মঙলবাৰে সন্ধিয়া বিৰাজ কৰে এক উত্তপ্ত পৰিস্থিতিয়ে। একাংশ উত্তেজিত লোকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে আৰক্ষী। এই ঘটনাত কেইবাজনো আৰক্ষীসহ সাংবাদিক আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কোনো এক ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ দল দীঘলবালিত উপস্থিত হোৱাৰ সময়তে এনে পৰিস্থিতিৰ সৃষ্টি হয়।
  2. কেৱল আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটা কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। SIRক লৈ চলি থকা বিতৰ্কৰ মাজতে বম্বে উচ্চ ন্যায়ালয়ে ডাঙৰ মন্তব্য প্ৰকাশ কৰে। এটা গোচৰৰ শুনানিত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমিত বৰকাৰে অতি তাৎপৰ্যপূৰ্ণভাৱে কয় যে, আধাৰ, ভোটাৰ বা পান কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়।
  3. দিল্লীত ৰাহুল গান্ধীক সাক্ষাত কৰে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলে। এই সাক্ষাত কালতে অসম চুক্তি ৰূপায়নৰ প্ৰসংগ সংসদত উত্থাপন কৰিবলৈ ৰাহুল গান্ধীক আহ্বান অজাপৰ। লগতে অজাপ আৰু কংগ্ৰেছ নেতাগৰাকীৰ মাজত ৰাজ্যৰ পৰিস্থিতিক লৈ হয় আলোচনা।
  4. ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে তদন্ত সমিতি গঠন। মঙলবাৰে লোকসভাৰ ওম বিৰলাই ১৪৬ জন সাংসদৰ স্বাক্ষৰসহ দাখিল কৰা অভিযোগনামাৰ প্ৰস্তাৱ গ্ৰহণ কৰি তিনিজনীয়া তদন্ত সমিতি গঠন কৰে। কমিটীত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মণিন্দৰ মোহন আৰু জ্যেষ্ঠ অধিবক্তা বি ভি আচাৰ্য।
  5. অসমত গঠন কৰা হয় নতুনকৈ ১০ নতুন সমজিলা। ইয়াৰ লগে লগে ৰাজ্যখনত সমজিলাৰ সংখ্যা হ’লগৈ ৪৯ খন। নতুন সমজিলা কেইখনৰ ভিতৰত আছে- কামৰূপ জিলাৰ বকো-ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, যোৰহাটৰ মৰিয়নী আৰু টীয়ক, তিনিচুকীয়াত মাকুম আৰু ডিগবৈ, কাছাৰত ধলাই আৰু গোৱালপাৰাৰ দুধনৈ।
  6. নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি। এতিয়াৰ পৰা এই অঞ্চলখিনিক ৰূপকোঁৱৰ চ’ক হিচাপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই এই সিদ্ধান্ত জিলা প্ৰশাসনৰ।
লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...