সোণাপুৰৰ ৰিজৰ্টত ভয়ংকৰ ঘটনা! মৰিয়াই মৰিয়াই প্ৰাণ ল’লে যুৱকৰ…

সোণাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চুৰিৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা একাংশ লোকৰ। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৭ জন লোকক আটক কৰিছে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

সোণাপুৰৰ ৰিজৰ্টত ভয়ংকৰ ঘটনা! মৰিয়াই মৰিয়াই প্ৰাণ ললে যুৱকৰ...

অভিযুক্ত

Published: 

28 Dec 2025 17:22 PM

পুনৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। চুৰিৰ সন্দেহত একাংশ লোকে মৰিয়াই মৰিয়াই প্ৰাণ ল’লে এজন যুৱকৰ। এই ঘটনা সংঘটিত হৈছে সোণাপুৰৰ এখন ৰিজৰ্টৰ মালিকৰ বিল্ডিঙত। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনো অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। এই নৃশংস কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, সোণাপুৰৰ অভিজাত ৰিজৰ্টত সংঘটিত হৈছে এই ঘটনা। চোৰৰ সন্দেহত একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে এজন যুৱকক। প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁ প্ৰাণ হেৰুয়ায়। মৃত্যু হোৱা যুৱকজন তেজপুৰ বৰঘাটৰ ফাৰজুল আলম (৩৫)বুলি চিনাক্ত হৈছে।

আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে, শনিবাৰ (২৭ ডিচেম্বৰ)য়ে নিশা সোণাপুৰৰ হাতীমূৰাৰ মাৰিয়াজ ৰিজৰ্ট কৰ্তৃপক্ষৰ মালিকাধীন এটা বিল্ডিঙৰ চৌহদত প্ৰৱেশ কৰে যুৱকজনে। বিল্ডিঙটোৰ ভাড়াতীয়াই যুৱকজনক দেখি লগে লগে বিষয়টো ৰিজৰ্টৰ পৰিচালকক অৱগত কৰে আৰু তেতিয়া ৰিজৰ্টৰ ফালৰ পৰা এটা দল সেই স্থানলৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী পৰ্যায়ত ৰিজ’ৰ্টখনত কৰ্মৰত সাতজনীয়া এটি দলে যুৱকজনক এখন অট’ৰে ৰিজৰ্টখনৰ চৌহদলৈ নি নিৰ্মমভাৱে প্ৰহাৰ কৰে। পাছত মুমূৰ্ষু অৱস্থাত সোণাপুৰ আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি জি এম চি এইচ ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুক সাৱতি লয়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৭ জন যুৱকক আটক কৰিছে। তেওঁলোক হৈছে মুস্তাফিজুৰ হক (ছিপাঝাৰ), চিত্ৰ দাস(মায়ং), ৰাম সোণাৰ( তিনিচুকীয়া), সুশীল নাথ(শিৱসাগৰ),ষ্টায়’জিত হালৈ(টিহু),ৰঞ্জিত ব্ৰহ্ম(বাক্সা) । লগতে আটক হৈছে পৰিচালক মানৱ ৰয়ক (মায়ং)। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ সোণাপুৰত ভয়ংকৰ ঘটনাৰ পৰা বাংলাদেশৰ অভিযোগলৈ, দিনটোৰ খবৰ…

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...