পত্নীক অপৰহণ ! আচলতে ভৱেশ কলিতাৰ পত্নীৰ সৈতে কি ঘটিছিল মদনপুৰৰ টোলগেটত ?
সঁচাকৈয়ে বিধায়কগৰাকীৰ পত্নীক অপৰহণ কৰা হৈছিল নেকি ? নে একাংশ মাধ্যমে চলোৱা ই এক অপপ্ৰচাৰ আছিল । শেহতীয়াকৈ এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি স্পষ্টীকৰণ দিছে ভৱেশ কলিতাই ।

বিধায়ক ভৱেশ কলিতা
ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ পত্নীক অপৰহণ ! কিছু সময়ৰ পূৰ্বে এই বাতৰিটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা গৈছিল । কিন্তু সঁচাকৈয়ে বিধায়কগৰাকীৰ পত্নীক অপৰহণ কৰা হৈছিল নেকি ? নে একাংশ মাধ্যমে চলোৱা ই এক অপপ্ৰচাৰ আছিল । শেহতীয়াকৈ এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি স্পষ্টীকৰণ দিছে ভৱেশ কলিতাই ।
ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিধায়ক কলিতাই দাবী কৰিছে যে,এইলৈ অপপ্ৰচাৰ চলাইছে একাংশ সংবাদ মাধ্যমে । মদনপুৰৰ টোলগেটত একাংশ কৰ্মচাৰীয়ে তেওঁৰ পত্নীক কৰিছিল দুৰ্ব্যৱহাৰ । যাৰ পৰিপ্ৰেক্ষিতত যোৱা ২৭ মে’ত আৰক্ষী থানাত এজাৰৰ দাখিল কৰিছিল ভৱেশ কলিতাই । সেই এজাহাৰৰ ভিত্তিতে ভুৱা প্ৰচাৰ কৰা বুলি দাবী কৰিছে ভৱেশ কলিতাই ।
তেওঁ কয় যে, এইটো কোনো অপহৰণৰ ঘটনা নহয় । এই ঘটনা সংঘটিত হৈছে প্ৰায় এমাহ-ডেৰ মাহৰ পূৰ্বে । যেতিয়া তেওঁৰ পত্নীয়ে পুত্ৰক বিদ্যালয়ৰ পৰা লগত লৈ ঘৰলৈ ঘূৰি অহাৰ সময়ত একাংশ টোলগেট কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে ভৱেশ কলিতাই ।
সেই দিনা বহু সময় টোলগেট ৰৈ থাকিবলগীয়া হৈছিল তেওঁৰ পত্নী । সেই সময়তে কৰ্মচাৰী আৰু তেওঁৰ পত্নীৰ মাজত কিছু কথা কটা-কটি হৈছিল । ফলত অপমানিত হৈছিল তেওঁৰ পত্নীয়ে । একে সময়তে দুৰ্ব্যৱহাৰ কৰিছিল কৰ্মচাৰীসকলে । সেই অনুসৰি পত্নীক অপমান কৰাৰ অভিযোগত থানাত এজাহাৰ দাখিল কৰাৰ কথা সদৰী কৰিছে ভৱেশ কলিতাই ।
গতিকে, এই ঘটনা অপহৰণ ঘটনা নহয় বুলি স্পষ্ট কৰি দিছে ভৱেশ কলিতাই । এক প্ৰকাৰে তেওঁৰ পত্নীক টোলগেট কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰা বুলিহে অভিযোগ আনিছে ভৱেশ কলিতাই । ইয়াৰ পৰিপ্ৰেক্ষিতত থানাত এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিতে অপহৰণ হোৱা বুলি অপপ্ৰচাৰ কৰা হৈছে বুলি দাবী কৰিছে বিধায়ক কলিতাই ।