যোৰহাটত নিচাসক্ত যুৱকৰ ভয়ংকৰ কাণ্ড! জন্মদিনৰ দিনাই প্ৰাণ হেৰুৱালে দেৱজিতে…

যোৰহাটত এজন যুৱকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত প্ৰাণ হেৰুৱাই যুৱকজনে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৰহাটত নিচাসক্ত যুৱকৰ ভয়ংকৰ কাণ্ড! জন্মদিনৰ দিনাই প্ৰাণ হেৰুৱালে দেৱজিতে...

দেৱজিৎ নেওগ

Published: 

16 Oct 2025 14:33 PM

ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ যোৰহাটৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। অভিযোগ অনুসৰি ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজন দেৱজিৎ নেওগ বুলি চিনাক্ত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওগক মৰিয়াই মৰিয়াই হত্যা কৰে। ১৫ অক্টোবৰত সংঘটিত হয় এই ঘটনা।

ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে কয় যে, বুধবাৰে এটা নিচামুক্তি কেন্দ্ৰৰ যুৱকে তেওঁলোকক দেৱজিত আঘাত প্ৰাপ্ত হোৱা বুলি খবৰ দিয়ে। লগতে JMCH ত ভৰ্তি কৰাইছে বুলি কয়। কিন্তু যেতিয়া পৰিয়াল হাস্পাতালত উপস্থিত হয় তেতিয়া যুৱকজনক মৃত অৱস্থাত দেখা পায়। লগে লগে ঘটনা সন্দৰ্ভত পৰিয়ালে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাৰ্গৱ নেওক আৰু মাইনা কলিতাক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত যুৱকজনৰ ককায়েকে কয় যে, কালি ৪ মান বজাত ভাইটীৰ জন্মদিনে উপলক্ষে বন্ধুৰ লগত ওলাই গৈছিল। কিন্তু তাৰ পাছতে তেওঁৰ মৃত্যু হয়। যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি জনাই ককায়েকে। অভিযুক্ত যুৱককেইজন ৰাজতিয়া ফুকনৰ চুকৰ এটা নিচামুক্তি কেন্দ্ৰৰ যুৱক আছিল বুলি অভিযোগ কৰে ককায়েকে।

যুৱকজনৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰা হৈছে। গতিকে মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল যুৱকজনৰ। এই ঘটনাই অঞ্চলটোৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য যে, এয়াই প্ৰথম নহয়, যোৱা সময়চোৱাত যোৰহাটৰ পৰা বিভিন্ন ধৰণ অনাকাংক্ষিত খবৰ পোহৰলৈ আহিছে। কিছুদিন পূৰ্বেও একাংশ নিচাযুক্ত যুৱকৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল এজন যুৱকে।

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী…

সোঁ চকু লৰা ভাল নে বেয়া? জানক ইয়াৰ কাৰণ...
মৃত্যুৰ পাছত আত্মা ক'লৈ যায়?ক'লে প্ৰেমানন্দ মহাৰাজে...
অষ্ট্ৰেলিয়াত ৰোহিতৰ বিশ্ব অভিলেখৰ সুযোগ, অভিলেখ গঢ়িলেই আঘাত লাগিব পাকিস্তানৰ বুকুত!
নিশা টোপনি যোৱাৰ পূৰ্বে ধনী লোকসকলে কৰে এই ৫টা কাম!