শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ, GMCHত এই পৰ্যন্ত ১৩ জনৰ মৃত্যু

অসমত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ত ৫০ গৰাকী নিশ্চিত ৰোগীৰ চিকিৎসা। অব্যাহত থকা উদ্বেগৰ মাজতে স্বাস্থ্য কৰ্তৃপক্ষই সতৰ্কতা অব্যাহত ৰাখিছে।

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ, GMCHত এই পৰ্যন্ত ১৩ জনৰ মৃত্যু
জাপানীজ এনকেফেলাইটিছ
trishna-kalita
Trishna Kalita | Published: 06 Jul 2025 15:36 PM

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ। এপ্ৰিল মাহৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH) ত জাপানীজ এনকেফেলাইটিছৰ (JE) আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ১৩ জন লোকে। ইয়াৰ পিছতে এতিয়া অসমৰ জনস্বাস্থ্য কৰ্তৃপক্ষৰ মাজত সৃষ্টি হৈছে উদ্বেগৰ।

৪ জুলাইলৈকে GMCHত ৫০ জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে। য’ত অধিকাংশ ৰোগী কামৰূপ (গ্ৰাম্য), নলবাৰী, আৰু দৰং জিলাৰ পৰা আহিছিল। চিকিৎসালয় কৰ্তৃপক্ষৰৰ মতে, সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে ৬ জন ৰোগীক। আন তিনিজন ৰোগী চিকিৎসাৰ পৰামৰ্শৰ বিৰুদ্ধে ওলাই গৈছে।

জিএমচিএইচৰ উপ অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মাই কয়, “১ এপ্ৰিলৰ পৰা ৪ জুলাইলৈ আমি ৫০ জন JE ৰোগীক ভৰ্তি কৰিছিলো। ১৩ জনৰ মৃত্যু হৈছে।” তেওঁ লগতে কয় যে এই ৰোগীসকল আশে-পাশে থকা জিলাসমূহৰ পৰা আহিছে, কামৰূপৰ পৰা ১৪ জন, নলবাৰীৰ ১০ জন, আৰু দৰঙৰ পৰা ৭ জন ৰোগী ধৰা পৰিছে। ৩ গৰাকী অতিৰিক্ত ৰোগী কামৰূপ (মেট্ৰ’)ৰ ।

ৰাজ্যিক স্বাস্থ্য ৰেকৰ্ডসমূহৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতাৰ কথা জানিব পাৰি।  এয়া এক মহৰ দ্বাৰা সংক্ৰমিত ভাইৰাছৰ।  যিটো মূলতঃ গাঁও অঞ্চলত বিভিন্ন ঠাইত জমা হোৱা পানীত প্ৰজনন কৰা ক্যুলেক্স মহৰ জৰিয়তে বিয়পে। ২০১৫ চনৰ পৰা ২০২৪ চনৰ ভিতৰত অসমত জাপানীজ এনকেফেলাইটিছৰ বাবে ৮৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ২০১৯ চনত ১৬১ জন লোকৰ মৃত্যুৰ সৈতে শীৰ্ষ স্তৰত উপনীত হৈছে।

কেৱল অসমতে নহয় দেশজুৰি জাৰি কৰা হৈছে জাপানীজ এনকেফেলাইটিছৰ সতৰ্কতা। ২০২৪ চনৰ নৱেম্বৰ মাহত দিল্লীৰ উত্তম নগৰৰ এজন ৭২ বছৰীয়া ব্যক্তিৰ দীৰ্ঘদিনীয়া পুৰণি ৰোগৰ  চিকিৎসা চলি থকাৰ সময়তে JE পজিটিভ পোৱা গৈছিল। তাৰ পিছত স্বাস্থ্য বিষয়াই নিশ্চিত কৰিছে যে দিল্লীত জাপানীজ এনকেফেলাইটিছ কোনো ধৰণৰ প্ৰাদুৰ্ভাৱ নাই, আৰু ৰোগীজনক ৯ দিনৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে।

জাপানীজ এনকেফেলাইটিছ ভাৰতৰ কেইবাখনো ৰাজ্যত স্থানীয় ৰোগ। গাহৰি আৰু জলচৰ চৰাইয়ে এই ভাইৰাছ বিয়পোৱাৰ প্ৰাথমিক উৎস হিচাপে কাম কৰে। যদিও ইয়াৰ ফলত গুৰুতৰ স্নায়ুজনিত লক্ষণ দেখা দিব পাৰে, তথাপিও মানুহৰ মাজত এই ৰোগ সংক্ৰমিত নহয়। ইয়াৰ বাবে স্বাস্থ্য কৰ্তৃপক্ষই অধিক জীৱন হেৰুৱা ৰোধ কৰিবলৈ মূল চাবিকাঠি হিচাপে অধিক বিপদজনক অঞ্চলত আগতীয়াকৈ সংক্ৰমণ ধৰা পেলোৱা, মহ নিয়ন্ত্ৰণ, আৰু টিকাকৰণৰ আহ্বানত অভিযান অব্যাহত ৰাখিছে।