ৰাজ্যবাসীলৈ ভাল খবৰ, ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব নুমলীগড়ৰ বায়’-ইথানল প্লাণ্ট
সংবাদমেলত এম ডি ভাস্কৰজ্যোতি ফুকনে কয় যে, "বিশ্বৰ প্ৰথমখন বাঁহ ভিত্তিক বায়' ইথানল প্ৰকল্প উদ্বোধনৰ বাবে সাজু হৈ উঠিছে। নুমলীগড় শোধনাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বিশ্বৰ প্ৰথমখন বাঁহ ভিত্তিক অসম বায়' ইথানল প্ৰকল্পৰ অহা ১৪ ছেপ্টেম্বৰত উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।"

১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব নুমলীগড়ৰ বায়’-ইথানল প্লাণ্ট
ৰাজ্যবাসীৰ বাবে ভাল খবৰ । শীঘ্ৰে অসম চুক্তিৰ আধাৰত স্থাপন হোৱা গোলাঘাটৰ নুমলীগড় শোধনাগাৰত স্থাপন কৰা হৈছে দেশৰ প্ৰথমটো বায়’-ৰিফাইনেৰী প্ৰকল্প । বুধবাৰে নুমলীগড় শোধনাগাৰৰ বায়’ ইথানল প্ৰকল্পক লৈ সংবাদমেল সম্বোধন কৰে এম ডি ভাস্কৰজ্যোতি ফুকন। ১৪ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বায়’-ৰিফাইনেৰী প্ৰকল্পটো।
পূৰ্বে ৮ ছেপ্টেম্বৰত এই প্ৰকল্পটো শুভ উদ্বোধন কৰাৰ কথা আছিল যদিও উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পিছুৱাই দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচী। সেই অনুসৰি ১৩ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৩ ছেপ্টেম্বৰত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লৈ ১৪ ছেপ্টেম্বৰত উদ্বোধন কৰিব বায়’-ৰিফাইনেৰী প্ৰকল্প।
সংবাদমেলত এম ডি ভাস্কৰজ্যোতি ফুকনে কয় যে, “বিশ্বৰ প্ৰথমখন বাঁহ ভিত্তিক বায়’ ইথানল প্ৰকল্প উদ্বোধনৰ বাবে সাজু হৈ উঠিছে। নুমলীগড় শোধনাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বিশ্বৰ প্ৰথমখন বাঁহ ভিত্তিক অসম বায়’ ইথানল প্ৰকল্পৰ অহা ১৪ ছেপ্টেম্বৰত উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে লগতে এন আৰ এলৰ নিৰ্মাণ হ’বলগা প’লিপ্ৰ’পিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব।”
তেওঁ লগতে কয় , “প্ৰতি বছৰে ৫০০০ মেট্ৰিকটন কিলো বাঁহৰ ব্যৱহাৰেৰে ৫০ হেজাৰ টন ইথানল, ১৮ হেজাৰ টন ফাৰ্ফিউৰেল আৰু ১১ হেজাৰ টন এচিডিক এচিড উৎপাদন হ’ব। ইপিনে, অৱশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। যাৰ ২০ মেগাৱাট প্ৰকল্পটোত ব্যৱহাৰ কৰাৰ বিপৰীতে বাকী ৫ মেগাৱাট এন আৰ এলত ব্যৱহাৰ কৰিব। লগতে তৰল কাৰ্বন ডাই অক্সাইডো উৎপাদন কৰিব।”
উল্লেখ্য যে, আছাম বায়’ ইথানল প্ৰাইভেট লিমিটেড (এবিইপিএল) হৈছে বাঁহৰ পৰা ইথানল উৎপাদন কৰা প্ৰথমটো বায়’-ৰিফাইনেৰী। এই প্ৰকল্পৰ সৈতে জড়িত হৈ আছে এনআৰএল আৰু ফিনলেণ্ডৰ দুটা কোম্পানী -ফ’ৰ্টাম আৰু কেম্পলিছ অয়। আনুমানিক ৪ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই জৈৱ শোধনাগাৰত ৩০০ KTPA বাঁহক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি ৪৯ KTPA ইথানল উৎপাদন ক্ষমতা থাকিব বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: অসমে ‘কা’ মনা নাছিল, এই সিদ্ধান্তও নামানে: নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিক লৈ সৰৱ আছু