নিশাৰ ৰংচঙীয়াৰ আঁৰত কি চলিছে মহানগৰীত! এইবাৰ বৰা চাৰ্ভিছত আৰক্ষীৰ জালত অসামাজিক চক্ৰ

হোটেলখনৰ বিৰুদ্ধে অনলাইনযোগে দেহ ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে। হোটেলৰ মেনেজাৰৰ ফোনত আৰক্ষীয়ে দেহ ব্যৱসায় চলাই থকাৰ বহু বিস্ফোৰক তথ্যও লাভ কৰিছে বুলি জানিব পৰা গৈছে।

নিশাৰ ৰংচঙীয়াৰ আঁৰত কি চলিছে মহানগৰীত! এইবাৰ বৰা চাৰ্ভিছত আৰক্ষীৰ জালত অসামাজিক চক্ৰ

ধৃত কিৰণ গগৈ

Published: 

08 Aug 2025 19:21 PM

মহানগৰী গুৱাহাটী পৰিণত হৈছে এচাম অসাধু চক্ৰৰ বাহৰস্থলীত আৰক্ষীৰ অভিযানত ফাদিল হৈছে মহানগৰীৰ ভিন্ন স্থানত এচাম অসাধু লোকে চলাই থকা অসামাজিক কাৰ্যকলাপৰ বহু চাঞ্চল্যকৰ দৃশ্য শেহতীয়াকৈ মহানগৰীৰ জয়া নগৰ অঞ্চলত অসম আৰক্ষীৰ জালত পৰিছিল এক দেহ ব্যৱসায়ী চক্ৰ এই ঘটনাৰ চৰ্চা অন্ত নপৰোঁতেই এইবাৰ আৰক্ষীৰ অভিযানত বৰা চাৰ্ভিছত চলি থকা দেহ ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছে

যোৱা নিশা বৰা চাৰ্ভিছৰ হোটেল বিলাসত পল্টন বজাৰ আৰক্ষীয়ে চলাইছিল এক অভিযান এই অভিযানত আৰক্ষীয়ে আটক কৰিছে মেনেজাৰ সীমান্ত বৰাসহ হোটেলখনৰ স্বত্বাধিকাৰী কিৰণ গগৈক হোটেলখনৰ বিৰুদ্ধে অনলাইনযোগে দেহ ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে

হোটেলৰ মেনেজাৰৰ ফোনত আৰক্ষীয়ে দেহ ব্যৱসায় চলাই থকাৰ বহু বিস্ফোৰক তথ্যও লাভ কৰিছে বুলি জানিব পৰা গৈছে উল্লেখ্য যে শেহতীয়াকৈ জয়া নগৰৰ ‘বাপ্তিছ ইন’ নামৰ এটা গেষ্ট হাউচত চলি থকা দেহ ব্যৱসায়ৰ চক্ৰ ধৰা পৰিছিল আৰক্ষীৰ জালত

দিলীপ হাজৰিকা নামৰ এজন লোকে কামৰ প্ৰলোভনেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যুৱতী আনি এই ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে আৰক্ষীয়ে এই অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰিছে

আৰক্ষীৰ তথ্য অনুসৰি, এই ব্যৱসায়ত নিয়োজিত যুৱতীসকলৰ ছবি হোৱাটছ্এপ যোগে গ্ৰাহকলৈ প্ৰেৰণ কৰা হয় আৰু মূল্য নিৰিখ কৰা হয় তাৰ পিছতে এই গেষ্ট হাউচটোত চলোৱা হয় অনৈতিক কাৰ্যকলাপ

সম্প্ৰতি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে তাৰ মাজতে এতিয়া বৰা চাৰ্ভিচত এনে অনুৰূপ কাণ্ড পোহৰলৈ আহিছে ইয়াৰ পিছতে এতিয়া সচেতন মহলৰ মাজত এনেধৰণৰ কাৰ্যকলাপ বৃদ্ধি পোৱাক লৈ নানা ক্ৰিয়াপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে

দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত চাহ খায় নেকি? জানেনে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে?
ধনেৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী
ভাৰতীয়সকলে কিয় থাইলেণ্ড ভ্ৰমণ কৰি ভাল পায়? ৫টা ডাঙৰ কাৰণ প্ৰকাশ
ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...